• Home
  • »
  • News
  • »
  • nation
  • »
  • Woman Flaunts Moustache : নিজৰ গোঁফক লৈ গৰ্বিত এইগৰাকী মহিলা, আনে হাঁহিলেও নুখুৰাই এটাই যুক্তিত, যি শুনিলে তবধ মানিব আপুনি

Woman Flaunts Moustache : নিজৰ গোঁফক লৈ গৰ্বিত এইগৰাকী মহিলা, আনে হাঁহিলেও নুখুৰাই এটাই যুক্তিত, যি শুনিলে তবধ মানিব আপুনি

ছায়জাৰ বাবে গোঁফ কেৱল অলংকাৰৰ অংশ নহয়, তেওঁৰ জীৱনৰ এটা অংশ।

ছায়জাৰ বাবে গোঁফ কেৱল অলংকাৰৰ অংশ নহয়, তেওঁৰ জীৱনৰ এটা অংশ।

ছায়জাৰ বাবে গোঁফ কেৱল অলংকাৰৰ অংশ নহয়, তেওঁৰ জীৱনৰ এটা অংশ।

  • Share this:
ছোৱালীৰ মুখত নোম! সাধাৰণতে তেনে হোৱা দেখা যায়। কিন্তু যেতিয়া ইয়াৰ আধিক্য হয়, তেতিয়া কথাটো অকল মহিলাৰ বাবেই নহয় পুৰুষৰ বাবেও উদ্বিগ্নতাৰ কাৰণ হৈ উঠিব পাৰে। বহু মহিলাই বিউটী পাৰ্লাৰত গৈ ইয়াৰ প্ৰতিকাৰ বিচাৰে। কিন্তু পুৰুষৰ দৰে যদি দাড়ি–গোঁফ গজে, তেতিয়া?

তেতিয়াও ই কাৰোবাৰ বাবে লাজৰ সলনি গৰ্বৰ কথা হ'ব পাৰে। কেৰেলাৰ কান্নুৰ জিলাত আছে এনে এগৰাকী মহিলা, যি মুখত গজা গোঁফৰ টাও দি ঘূৰে। ৩৫ বছৰীয়া মহিলাগৰাকীৰ নাম ছায়জা (Shyja from Kerala)।

ছায়জাৰ মতে, মুখত দাড়ি দেখি বহু লোকে তেওঁক ঠাট্টা-মস্কৰা কৰিছিল, কিন্তু বহুতে কৰিছিল সমৰ্থনো। ছায়জাই লোকসকল এনে কথাৰ প্ৰতি গুৰুত্ব দিয়া নাছিল আৰু দাড়িক দাড়ি ৰূপে ৰাখি চলি গৈছিল।

তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে– ''মানুহে মোক লগ পালে সোধে– মোৰ একমাত্ৰ উত্তৰ হ’ল মই গোঁফ এটা ৰাখি ভাল পাওঁ।'' ছায়জাৰ মতে, তেওঁ এতিয়া গোঁফ অবিহনে জীয়াই থাকিব নোৱাৰে। কোৰোনা মহামাৰীৰ সময়ত কেৱল মুখখন ঢাকি গোঁফ লুকুৱাই ৰাখিবলগীয়া হোৱা বাবেই তেওঁ মাস্ক পিন্ধি ভাল পোৱা নাছিল বুলিও কয় (kerala woman is proud of her face moustache)।

ছায়জাৰ বাবে গোঁফ কেৱল অলংকাৰৰ অংশ নহয়, তেওঁৰ জীৱনৰ এটা অংশ। তেওঁ কয়, “মই যি ভাল পাওঁ তাকেই কৰোঁ। মোৰ দুটা জীৱন থাকিলে হয়তো আনৰ বাবে জীয়াই থাকিলোঁহেঁতেন।"

উল্লেখ্য, ছায়জা বিশ্বৰ প্ৰথমগৰাকী মহিলা নহয় যিয়ে গোঁফ ৰখাৰ প্ৰতি আকৰ্ষিত, গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে, ২০১৬ চনত বডী পজিটিভিটি অভিযানকাৰী হৰনাম কৌৰে বিশ্বৰ ভিতৰতে সম্পূৰ্ণ দাড়ি থকা আটাইতকৈ কম বয়সীয়া মহিলা হিচাপে পৰিগণিত হয়।
Published by:Gautam Barman
First published: