Kerala Killing : কেৰালাৰ ৰাজনীতিত হিংসাৰ দাবানল, ১২ ঘণ্টাৰ ভিতৰত দুজন ৰাজনৈতিক নেতাৰ হত্যা
Kerala Killing : কেৰালাৰ ৰাজনীতিত হিংসাৰ দাবানল, ১২ ঘণ্টাৰ ভিতৰত দুজন ৰাজনৈতিক নেতাৰ হত্যা
কেৰালাত SDPI নেতাক হত্যাৰ পিছতে BJP নেতাৰো হত্যা
Kerala Killing : SDPIৰ ৰাজ্যিক সম্পাদক কে এছ শ্বান (K S Shan)ক হত্যাৰ ১২ ঘণ্টা নহৌতেই চোকা অস্ত্ৰৰে কাটি কেৰালা বিজেপিৰ OBC মৰ্চাৰ ৰাজ্যিক সম্পাদক ৰঞ্জিত শ্ৰীনিৱাসন (Ranjith Sreenivasan)কো দুৰ্বৃত্তই হত্যা কৰে।
কেৰালা (Kerala)ত ১২ ঘণ্টাৰ ভিতৰতে দুজন ৰাজনৈতিক নেতাৰ হত্যাই জোকাৰিছে সমগ্ৰ দেশ। কেৰালাৰ আলাপুঝা (Alappuzha ) জিলাৰ ছচিয়েল ডেমক্ৰেটিক পাৰ্টী অৱ ইণ্ডিয়া (Social Democratic Party of India চমুকৈ SDPI)ৰ নেতা আৰু এজন BJP নেতাক হত্যাৰ ঘটনাই কেৰালাৰ ৰাজনীতি উত্তপ্ত কৰি তুলিছে। ঘটনাৰ পিছত আলাপুঝা জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে আৰক্ষীয়ে।
SDPIৰ ৰাজ্যিক সম্পাদক কে এছ শ্বান (K S Shan)ক হত্যাৰ ১২ ঘণ্টা নহৌতেই চোকা অস্ত্ৰৰে কাটি নৃশংসভাৱে হত্যা কৰা হয় BJP নেতাজনক। K S Shanক শনিবাৰে নিশা বৰ্বৰ ভাৱে আক্ৰমণ কৰি হত্যা কৰা হয়। ঘৰলৈ উভতি গৈ থকা সময়তে K S Shanক হত্যা কৰা হৈছিল। SDPI দলৰ অভইযোগ মতে এই হত্যাৰ আঁৰত আছে RSS. আক্ৰমণত গুৰুতৰভাৱে আহত K S Shanএ মাজনিশা কোচিৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।
K S Shanৰ হত্যাৰ ১২ ঘণ্টা নহৌতেই BJP নেতা তথা কেৰালা বিজেপিৰ OBC মৰ্চাৰ ৰাজ্যিক সম্পাদক ৰঞ্জিত শ্ৰীনিৱাসন (Ranjith Sreenivasan)কো দুৰ্বৃত্তই হত্যা কৰে। হত্যাকাৰীয়ে শ্ৰীনিৱাসনৰ আলাপুঝাৰ ঘৰত পুৱা প্ৰবেশ কৰি পত্নী আৰু মাতৃৰ সন্মুখতে ঘপিয়াই ঘপিয়াই হত্যা কৰে। পেছাত এগৰাকী অধিবক্তা শ্ৰীনিৱাসন বিধানসভা নিৰ্বাচনত আলাপুঝা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী আছিল। পুৱা প্ৰায় ৬ৰ পৰা ৬.৩০ বজাৰ ভিতৰত এই হত্যাকাণ্ড সংঘটিত হৈছিল।
আৰক্ষীৰ সন্দেহ, SDPI নেতা কে এছ শ্বানৰ হত্যাৰ প্ৰতিশোধৰূপেই BJP নেতা ৰঞ্জিত শ্ৰীনিৱাসনৰ হত্যা কৰা হৈছে। কিন্তু এতিয়াও এইয়া নিশ্চিত কৰিব পৰা নাই। আৰক্ষীয়ে সকলো দিশত অনুসন্ধান চলাই আছে।
কংগ্ৰেছ দলে এই ঘটনাক গৰিহণা দিয়াৰ লগতে BJP আৰু SDPIক প্ৰতিশোধৰ ৰাজনীতিৰ নামত হত্যাৰ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে। আনহাতে বিজেপিয়ে অভিযোগ কৰে যে SDPI দলে সময়ে সময়ে BJP আৰু RSSৰ নিৰ্দোষী সদস্য সকলক আক্ৰমণ কৰি আহিছে।