পত্নীক হত্যা কৰাৰ ক্ষেত্ৰত বিষাক্ত ফেঁটীৰ আশ্ৰয় লোৱা এগৰাকী অপৰাধী স্বামীক আদালতে বিহিছে দুবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ড। সুৰুজ কুমাৰ নামৰ স্বামীগৰাকীয়ে পত্নীক যৌতুক নাপায় বিছনাত বিষাক্ত কোব্ৰা এৰি দি পত্নীক হত্যা কৰিছিল।
সূত্ৰ অনুসৰি, যোৱা বুধবাৰে আদালতে সুৰুজক দোষী সাব্যস্ত কৰিছিল। যোৱাবছৰ সাপে কামোৰাৰ পিছত পত্নী উথৰাৰ মৃত্যু হোৱাৰ পিছত আৰক্ষীয়ে সুৰুজ কুমাৰক গ্ৰেপ্তাৰ কৰিছিল।
ইয়াৰ আগতেও এই প্ৰচেষ্টা চলাইছিল যদিও সাপৰ কামোৰৰ পৰা ৫২ দিনৰ পিছত আৰোগ্য হৈছিল পত্নী। কিন্তু শাৰীৰিক বিসংগতিৰ চিকাৰ হৈছিল। ইয়াৰ পিছতে পুনৰ সাপে কামোৰাৰ পিছত আৰক্ষীৰ সন্দেহ ওপজে আৰু ঘটনাক লৈ তদন্তত নামে। ঘটনাটোক লৈ আৰক্ষীয়ে সাপৰ ডিএনএ পৰ্যন্ত পৰীক্ষা কৰে।
আৰক্ষীয়ে প্ৰকাশ কৰে যে তেওঁলোকৰ অনুসন্ধানত সুৰুজক এই সাপবোৰ সংগ্ৰহ কৰাত সহায় কৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰহস্যটো মুকলি কৰে। ১০,০০০ টকাত তেওঁৰ পৰা সাপ কিনি আনি এৰি দিছিল পত্নীৰ বিছনাত।
বাতৰি অনুসৰি, আৰক্ষীয়ে ২০২০ চনৰ হত্যাকাণ্ডটোৰ বিষয়ে আদালতত হাজাৰ পৃষ্ঠাৰ তদন্ত প্ৰতিবেদন দাখিল কৰিছিল। ইফালে, আদালতত যুক্তি উপস্থাপন কৰাৰ সময়ত অধিবক্তাই ইয়াক "বিৰলৰ ক্ষেত্ৰতো বিৰল" বুলি অভিহিত কৰে। তেওঁ সুৰুজক মৃত্যুদণ্ড দিয়াৰ দাবী জনাইছিল। বিচাৰকে শেষত সুৰুজক দুবাৰ আজীৱন কাৰাদণ্ড বিহে। ইয়াৰ লগতে ৫ লাখ টকাৰ জৰিমনাও আৰোপ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|