মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»কোৰোণাৰ তৃতীয় ৱেভৰ আতংকৰ মাজতে জিকা ভাইৰাছৰ আতংক। কেৰালাত ১০ টা জিকা ভাইৰাছ সংক্ৰমণৰ ঘটনা।

কোৰোণাৰ তৃতীয় ৱেভৰ আতংকৰ মাজতে জিকা ভাইৰাছৰ আতংক। কেৰালাত ১০ টা জিকা ভাইৰাছ সংক্ৰমণৰ ঘটনা।

News18 Assam | News18-Assam
Updated:July 8, 2021, 7:02 PM IST
কোৰোণাৰ তৃতীয় ৱেভৰ আতংকৰ মাজতে জিকা ভাইৰাছৰ আতংক। কেৰালাত ১০ টা জিকা ভাইৰাছ সংক্ৰমণৰ ঘটনা।
বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ মতে জিকা ভাইৰাছ হৈছে ম'হৰ পৰা সংক্ৰমণ হোৱা ভাইৰাছ যিটো ১৯৪৭ত প্ৰথম উগাণ্ডা (Uganda)ত বান্দৰৰ দেহত ধৰা পৰিছিল।

বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ মতে জিকা ভাইৰাছ হৈছে ম'হৰ পৰা সংক্ৰমণ হোৱা ভাইৰাছ যিটো ১৯৪৭ত প্ৰথম উগাণ্ডা (Uganda)ত বান্দৰৰ দেহত ধৰা পৰিছিল।

  • Share this:
দেশত কোৰোণাৰ তৃতীয় লহৰৰ সংক্ৰমণৰ আতংকই দেশবাসীক উদ্বিগ্ন কৰি ৰখাৰ সময়তে আন এক ভাইৰাছৰ সংক্ৰমণৰ আশংকা দেখা দিছে। কোৰোণা, ব্লেক ফংগাছ, হোৱাইট ফাংগাছ, য়েলো ফাংগাছ আদিৰ ব্যাপক সংক্ৰমণৰ পাছত এতিয়া জিকা ভাইৰাছৰ সংক্ৰমণৰ আশংকাই দেখা দিছে। কেৰালাত ১০ জন লোক জিকা ( Zika ) ভাইৰাছত সংক্ৰমিত হোৱাৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে সকলোকে।

কেৰালাৰ পৰা ১৩ টা নমুনা পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজীলৈ প্ৰেৰণ কৰিছিল কেৰালাই। ইয়াৰে ১০টা নমুনাত জিকা ( Zika ) ভাইৰাছ পজিটিভ পোৱা গৈছে। কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে এই কথা জনাইছে News18ক। মাতৃভূমিৰ ৰিপোৰ্ট মতে আটাইকেইটা পজিটিভ নমুনা তিৰুৱনন্তপুৰমৰ।

সাধাৰণতে ঝিকা ভাইৰাছত আক্ৰান্ত অধিকাংশ লোকৰ দেহত লক্ষণ দেখা নাযায় যদিও জিকা ভাইৰাছৰ সংক্ৰমণত হ'লে জ্বৰ, শৰীৰত ৰঙা পৰা, পেশী আৰু গাঁঠিৰ বিষ, মূৰৰ বিষ, চকুৰ পানী ওলোৱা, ভীতিগ্ৰস্ততা আদি লক্ষণে দেখা দিব পাৰে। সাধাৰণতে এই লক্ষণসমূহ ২ৰ পৰা ৭ দিনলৈ থাকে।

এই জিকা ভাইৰাছ ম'হৰ জৰিয়তে অতি দ্ৰুত গতিত সংক্ৰমণ হ'ব পাৰে। ডেংগু (dengue), চিকুনগুনীয়া (chikungunya) আৰু হালধীয়া জ্বৰ (yellow fever)ৰ সংক্ৰমক ইডিছ ইজিপ্তি (Aedes Aegypti) নামৰ ম'হবিধৰ দ্বাৰা জিকা ভাইৰাছ সংক্ৰমিত হ'ব পাৰে। অৱশ্যে এই ভাইৰাছ অতি মাৰাত্মক নহয় বুলি বিজ্ঞানীসকলে কয়। কিন্তু এই কোৰোণা মহামাৰিৰ সময়ত জিকা ভাইৰাছৰ সংক্ৰমণ স্বাস্থ্যৰ বাবে হ'ব পাৰে বিপদজনক।

বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ মতে জিকা ভাইৰাছ হৈছে ম'হৰ পৰা সংক্ৰমণ হোৱা ভাইৰাছ যিটো ১৯৪৭ত প্ৰথম উগাণ্ডা (Uganda)ত বান্দৰৰ দেহত ধৰা পৰিছিল। ১৯৫২ চনত উগাণ্ডা আৰু টাঞ্জানীয়া (Tanzania)ত প্ৰথম মানৱ দেহত ধৰা পৰিছিল জিকা ভাইৰাছ। ইতিমধ্যে জিকা ভাইৰাছে আফ্ৰিকা, আমেৰিকা, এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় দেশসমূহত পূৰ্বে মহামাৰিৰ ৰূপ লৈছিল।
Published by: Manjumoni Borah
First published: July 8, 2021, 7:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি