• Home
  • »
  • News
  • »
  • nation
  • »
  • কেৰালাত ১২০জন প্ৰতিবাদকাৰী পিএফআই নেতাক আটক, পোন্নানী আৰু পেৰিন্থলমন্নাত প্ৰতিবাদকাৰীয়ে চূৰ্ণ–বিচূৰ্ণ কৰিলে বাছ

কেৰালাত ১২০জন প্ৰতিবাদকাৰী পিএফআই নেতাক আটক, পোন্নানী আৰু পেৰিন্থলমন্নাত প্ৰতিবাদকাৰীয়ে চূৰ্ণ–বিচূৰ্ণ কৰিলে বাছ

পপুলাৰ ফ্ৰণ্টৰ বন্ধৰ সময়ত প্ৰায় ৬০খন বাহন ক্ষতিগ্ৰস্ত কৰা হয়। মলপ্পুৰম জিলাত ব্যাহত হয় স্বাভাৱিক জীৱনযাত্ৰা। ব্যক্তিগত বাছৰ চলাচল বন্ধ ৰখা দেখা যায়।

  • Share this:
কেৰালাৰ মলপ্পুৰম জিলাত পিএফআইৰ প্ৰতিবাদৰ সময়ত হিংসাত্মক ঘটনাত জড়িতৰ অভিযোগত ১২০জনৰো অধিক পিএফআই কৰ্মকৰ্তাক আৰক্ষীয়ে আটক কৰে। মলপ্পুৰম, কৰুৱৰকুণ্ড, মংচেৰী, কোট্টাকল, তিৰুৰ, থানুৰ আৰু পেৰিন্থলমন্নাৰ পৰা আৰক্ষীয়ে আটক কৰে পিএফআই কৰ্মকৰ্তাসকলক।

পপুলাৰ ফ্ৰণ্টৰ বন্ধৰ সময়ত প্ৰায় ৬০খন বাহন ক্ষতিগ্ৰস্ত কৰা হয়। মলপ্পুৰম জিলাত ব্যাহত হয় স্বাভাৱিক জীৱনযাত্ৰা। ব্যক্তিগত বাছৰ চলাচল বন্ধ ৰখা দেখা যায়। বন্ধ সমৰ্থনকাৰীয়ে কেইবাস্থানতো ব্যক্তিগত বাহন আৰু অটো ৰিক্সা ৰাজপথত ৰখোৱাৰ চেষ্টা কৰে।

পোন্নানী আৰু পেৰিন্থলমন্নাত কেএছআৰটিচিৰ বাছলৈ লক্ষ্য কৰে শিলাবৰ্ষণ কৰা হয়। পোন্নানীত এখন বাছত শিলগুটি নিক্ষেপ কৰা তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ বিৰুদ্ধে ৰাজহুৱা সম্পত্তি ক্ষতিগ্ৰস্ত কৰা আৰু পিডিপিপি আইনৰ অধীনত হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰা হৈছে। থেনজিপালম ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ ওপৰত শিলগুটি নিক্ষেপ কৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মনচেৰীতো গ্ৰেপ্তাৰ কৰা হয় তিনিজন লোকক।
Published by:Sanjay Kumar Das
First published: