কেৰালাৰ আলাপুঝা জিলাৰ কায়কুলামৰ মুছলিম সমাজে এগৰাকী হিন্দু কন্যাৰ বিবাহ সম্পন্ন কৰাই সম্প্ৰীতিৰ অনন্য উদাহৰণ তুলি ধৰিছে। দুবছৰৰ পূৰ্বে অঞ্জুৰ পিতৃৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হৈছিল। জীয়ৰিৰ বিয়া কেনেকৈ সম্পন্ন কৰোৱাব তাক লৈ চিন্তিত হৈ পৰিছিল মাতৃ। সেই সময়তে চেৰাৱল্লীৰ মুছলিম সমাজে মছজিদ পৰিচালনা সমিতিৰ কাষলৈ যায়। কায়কুলামৰ মছজিদ পৰিচালনা সমিতিয়ে অঞ্জুৰ মাতৃক সহায় কৰাৰ আশ্বাস দিয়ে।
১৯জানুৱাৰীৰ বিয়াৰ দিন। দুপৰীয়া প্ৰায় ১২বাজি ১০মিনিটৰ শুভমুহূৰ্তৰ উল্লেখ কৰি বিয়াৰ কাৰ্ড ছপাই মানুহৰ মাজত বিলোৱা হ’ল। কেৱল হিন্দু দৰা–কইনাৰ বিয়া সম্পন্ন কৰোৱাই নহয় মছজিদ পৰিচালনা সমিতিয়ে ৫০০মানুহক মাতি বিয়াৰ ভোজ–ভাতো খুৱায়। লগতে দৰা–কইনাক দহ তোলা সোণৰ গহণা আৰু দুই লাখ টকাৰ সামগ্ৰী উপহাৰ স্বৰূপে আগবঢ়ায়।
বিবাহস্থলীৰ কাষতে আছে ফিতৰত ইছলামিক একাডেমী। সম্পূৰ্ণ হিন্দু ৰীতি–নীতিৰে বিবাহ সম্পন্ন কৰোৱা হয়। নিমন্ত্ৰণ দিয়া অতিথিক নিৰামিষ আহাৰ পৰিৱেশন কৰা হয়। কইনাৰ মাতৃ বিন্দুৱে এইখিনি সহায়ৰ কাৰণে মছজিদ পৰিচালনা সমিতিৰ হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰে। স্বামীৰ মৃত্যুৰ পিছত নিজৰ তিনিটা সন্তানক লৈ এটা ভাৰাঘৰত আছিল বিন্দু।
কেৰালাৰ মুখ্যমন্ত্ৰী পিনায়ৰাই বিজয়নেও এই বিয়াৰ ফটো টুইট কৰি আয়োজক সকলক অভিনন্দন জনায়। তেওঁ লিখে–
কেৰালা একতাৰ অনন্য উদাহৰণ। চেৰাৱল্লী মুছলিম সমাজে অঞ্জু আৰু শৰতৰ বিয়া হিন্দু নিয়মত কৰোৱালে। নৱ বিবাহিত দম্পত্তি, মছজিদ পৰিচালনা সমিতি আৰু সেই ঠাইৰ ৰাইজক মোৰ অভিনন্দন। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|