• Home
  • »
  • News
  • »
  • nation
  • »
  • "মই প্ৰথম পুৰস্কাৰ ২৫ কোটিৰ সলনি দ্বিতীয় বা তৃতীয় পুৰস্কাৰ লাভ কৰা হ'লে ভাল হলহেঁতেন,,,"- কেৰালাৰ ২৫ কোটিৰ লটাৰী বিজয়ী অটোৰিক্সা চালকৰ দুখজনক পোষ্ট

"মই প্ৰথম পুৰস্কাৰ ২৫ কোটিৰ সলনি দ্বিতীয় বা তৃতীয় পুৰস্কাৰ লাভ কৰা হ'লে ভাল হলহেঁতেন,,,"- কেৰালাৰ ২৫ কোটিৰ লটাৰী বিজয়ী অটোৰিক্সা চালকৰ দুখজনক পোষ্ট

লটাৰীত প্ৰথম পুৰস্কাৰ লাভ কৰা কেৰেলাৰ অটো চালক অনুপে সামাজিক মাধ্যম ফেচবুকত নিৰাশা ব্যক্ত কৰি এটা ভিডিঅ’ পোষ্ট শ্বেয়াৰ কৰিছিল য’ত তেওঁ কিদৰে তেওঁৰ লাকি ড্ৰ এটা দুঃস্বপ্নলৈ ৰূপান্তৰিত হৈছে সেই বিষয়ে উল্লেখ কৰিছে।

লটাৰীত প্ৰথম পুৰস্কাৰ লাভ কৰা কেৰেলাৰ অটো চালক অনুপে সামাজিক মাধ্যম ফেচবুকত নিৰাশা ব্যক্ত কৰি এটা ভিডিঅ’ পোষ্ট শ্বেয়াৰ কৰিছিল য’ত তেওঁ কিদৰে তেওঁৰ লাকি ড্ৰ এটা দুঃস্বপ্নলৈ ৰূপান্তৰিত হৈছে সেই বিষয়ে উল্লেখ কৰিছে।

লটাৰীত প্ৰথম পুৰস্কাৰ লাভ কৰা কেৰেলাৰ অটো চালক অনুপে সামাজিক মাধ্যম ফেচবুকত নিৰাশা ব্যক্ত কৰি এটা ভিডিঅ’ পোষ্ট শ্বেয়াৰ কৰিছিল য’ত তেওঁ কিদৰে তেওঁৰ লাকি ড্ৰ এটা দুঃস্বপ্নলৈ ৰূপান্তৰিত হৈছে সেই বিষয়ে উল্লেখ কৰিছে।

  • Share this:
কেৰেলাৰ এজন ৩০ বছৰীয়া অটো চালক কে অনুপে বিগত শনিবাৰে অৰ্থাৎ ১৭ ছেপ্তেম্বৰত ২৫ কোটি টকাৰ অনাম বাম্পাৰ লটাৰীত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। দেওবাৰে তেওঁ সামাজিক মাধ্যম ফেচবুকত নিৰাশা ব্যক্ত কৰি এটা ভিডিঅ’ পোষ্ট শ্বেয়াৰ কৰিছিল য’ত তেওঁ কিদৰে তেওঁৰ লাকি ড্ৰ এটা দুঃস্বপ্নলৈ ৰূপান্তৰিত হৈছে সেই বিষয়ে উল্লেখ কৰিছে। অনুপে ভিডিঅ’টোত কয় যে, মানুহৰ সঘনাই খবৰ তথা পৰামৰ্শ দিবলৈ আহি থকাৰ বাবে তেওঁ ঘৰত থাকিব পৰা নাই।

সামাজিক মাধ্যম ফেচবুকত আপলোড কৰা ভিডিঅ’টোত অনুপে কয় যে, তেওঁ মানুহৰ উপদেশ আৰু জয়ী হোৱা লাকি ড্ৰৰ টকা নাপাওতেই মানুহৰ দাবীৰ পৰা অতিষ্ঠ হৈ পৰিছে।

অনুপে কয় যে, বিগত কিছুদিনৰ পৰা তেওঁ বিচাৰিছে যে যদি প্ৰথম পুৰস্কাৰৰ সলনি দ্বিতীয় (৫ কোটি) বা তৃতীয় (১ কোটি) পুৰস্কাৰ পাব লাগিছিল বুলি। ইয়াৰোপৰি তেওঁ কয় যে, যেতিয়া তেওঁ প্ৰথম পুৰষ্কাৰ পাইছিল তেতিয়া আকাশৰ ওপৰত থকা যেন অনুভৱ কৰিছিল। তেওঁ প্ৰচাৰ, লাইমলাইট,শুভকাংশীসকলৰ উপস্থিতি উপভোগ কৰিছিল। কিন্তু বৰ্তমান তেওঁ এই প্ৰচাৰৰ বাবে পৰিশোধ কৰিছে বুলি ভিডিঅ’টোত উল্লেখ কৰে আৰু কয় যে তেওঁ ঘৰলৈ গৈ নিজৰ সৰু ছোৱালীজনীৰ সৈতে খেলিবলৈও অক্ষম হৈছে। কিছুমান মানুহে তেওঁলোকৰ অংশ দাবী কৰি কৈছে যে অনুপৰ জয় ভাগ্যৰ বাবদহে পাইছিল আৰু কিছুমানে তেওঁক দানৰ ওপৰত দীঘলীয়া বক্তৃতা দিছিল। অনুপে জনায় যে অতিষ্ঠ হৈ তেওঁ দুবাৰ নিজৰ আত্মীয়ৰ ঘৰলৈ যাব লগা হৈছিল। তেওঁ লগতে ভিডিঅ’টোত মানুহে তেওঁৰ দুৰ্দশা বুজি পোৱা বুলি ব্যক্ত কৰে।

অটো-ৰিক্সা চালকজনে বিগত সপ্তাহত ৫০০ টকা মূল্যৰ লটাৰী টিকট কিনিবলৈ টকা কমি যোৱাত টিকট কিনিবলৈ তেওঁৰ সন্তানৰ পিগি বক্স ভাঙিছিল আৰু সেই টকাৰে লটাৰী টিকট ক্ৰয় কৰিছিল। তেওঁ কৈছিল যে টকা পোৱাৰ পিছত বৰ্তমানৰ ঘৰটো স্থানান্তৰ কৰিবলৈ বাধ্য হ'ব যদিহে মানুহৰ এনেদৰে আগমন হৈ থাকে। ইয়াৰোপৰি অনুপে কয় যে, এতিয়ালৈ পুৰষ্কাৰৰ ধন পাবলৈ বাকী আছে কিন্তু ইতিমধ্যে দাবী আৰু অনুৰোধৰ এক দীঘলীয়া তালিকা তেওঁ লাভ কৰিছে।

ৰাজ্যিক লটাৰী বিভাগৰ এজন মুখপাত্ৰই কৈছিল যে সাধাৰণতে গোটেই পৰিমাণটো বিতৰণ কৰিবলৈ দুসপ্তাহ সময় লাগে। লটাৰী বিভাগৰ মতে, কৰ কৰ্তন আৰু এজেণ্টৰ কমিছনৰ পিছত অনুপে প্ৰায় ১৬.২৫ কোটি টকা লাভ কৰাৰ আশা কৰিব পাৰে।

চৰকাৰৰ দ্বাৰা পৰিচালিত লটাৰী গোটেই বছৰটোত ৰাজ্যখনত এক ডাঙৰ হিট আৰু সুৰাৰ উপৰিও এক গুৰুত্বপূৰ্ণ কৰ ৰাজহ উপাৰ্জনকাৰী। ৰাজ্যিক লটাৰী বিভাগৰ এজন বিষয়াই জনায় যে, ‘প্ৰতিদিনে এটা ড্ৰ হয়। গড় হিচাপত, দৈনিক ৯ নিযুত টিকট বিক্ৰী কৰা হয়, আৰু কমেও এক লাখ বিক্ৰেতা আছে।’
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি