ভয়াৱহ বান! কেৰালা, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত এতিয়ালৈকে ৪১ জনৰ মৃত্যু

ঠায়ে ঠায়ে বানে উটুৱাই লৈ গৈছে ৰাষ্ট্ৰীয় ঘাইপথ, কংক্ৰীটৰ দলং

News18-Assam
Updated:August 10, 2019, 9:59 AM IST
ভয়াৱহ বান! কেৰালা, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত এতিয়ালৈকে ৪১ জনৰ মৃত্যু
ঠায়ে ঠায়ে বানে উটুৱাই লৈ গৈছে ৰাষ্ট্ৰীয় ঘাইপথ, কংক্ৰীটৰ দলং
News18-Assam
Updated: August 10, 2019, 9:59 AM IST
ক্ৰমাৎ জটিল হৈছে কেৰালাৰ বান পৰিস্থিতি।  ৰাজ্যখনৰ প্ৰায়কেইখন জিলাই সম্প্ৰতি বানৰ কবলত। বিশেষকৈ ৱায়নাড, মাল্লাপুৰম, কন্নুৰ আৰু কালিকটত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। ঠায়ে ঠায়ে বানে উটুৱাই লৈ গৈছে ৰাষ্ট্ৰীয় ঘাইপথ, কংক্ৰীটৰ দলং।বানপানীৰ ফলত ৰাজ্যখনতএতিয়ালৈকে মৃত্যুক আকোৱালি লৈছে ২২ জন লোকে।



সেইদৰে নেৰানেপেৰা বৰষুণৰ ফলত মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলো এতিয়া বানপানীৰ কবলত। কৰ্ণাটকতো জটিল হৈছে বান পৰিস্থিতি। বানপানীৰ ফলত ৰাজ্যখনত এতিয়ালৈকে ১০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।



বন্যাৰ্তৰ উদ্ধাৰ কাৰ্যত নিয়োজিত এছডিআৰএফ আৰু এনডিআৰএফ বাহিনী। দলং উটুৱাই নিয়াৰ ফলত বানত আবদ্ধ হৈ থকা ৰাইজক নিৰাপদে উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে ।



বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰিপৰ্ট অনুসৰি আগন্তুক ৪৮ ঘণ্টাত গোৱা,কেৰালা, মহাৰাষ্ট্ৰ, কৰ্ণাটকত মূখলধাৰ বৰষুণ হোৱাৰ সম্ভাৱণা আছে, ফলত বান পৰিস্থিতি অধিক জটিল হৈ পৰাৰ আশংকাত এতিয়া শংকিত হৈ পৰিছে ৰাজ্য কেইখনৰ জনসাধাৰণ।
আৰু চাওক পৰৱৰ্তী বাতৰি