কেৰালা, কৰ্ণাটকসহ চাৰি ৰাজ্যত প্ৰলয়ংকৰী বানত মৃত্যু শতাধিক লোকৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিমানযোগে পৰিদৰ্শন কৰিব কৰ্ণাটকৰ বানপীড়িত বেলগাৱী অঞ্চল।

News18-Assam
Updated:August 11, 2019, 11:58 AM IST
কেৰালা, কৰ্ণাটকসহ চাৰি ৰাজ্যত প্ৰলয়ংকৰী বানত মৃত্যু শতাধিক লোকৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিমানযোগে পৰিদৰ্শন কৰিব কৰ্ণাটকৰ বানপীড়িত বেলগাৱী অঞ্চল।
News18-Assam
Updated: August 11, 2019, 11:58 AM IST
কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু গুজৰাটত জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। এতিয়ালৈকে চাৰিওখন ৰাজ্যত মুঠ ১৩৬জন লোকৰ মৃত্যু হৈছে। মূষলধাৰ বৰষুণ আৰু বানৰ বাবে বিমানবন্দৰত পানী সোমোৱাত দেওবাৰৰ পৰা কোচী বিমাবন্দৰৰ পৰা বিমানৰ চলাচল বন্ধ ৰখা হৈছে। ইফালে, মলপুৰমৰ নীলাংবুৰত দেওবাৰে ভূমিস্খলনৰ ফলত মৃত্যু হয় ৯ জন লোকৰ। আন ৬৩জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।

কেৰালা আৰু কৰ্ণাটকতো বান পৰিস্থিতিৰ অৱনতি। ভূমিস্খলনত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৮৩জনলৈ। মহাৰাষ্ট্ৰত চাৰি লাখৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে। ৰাজ্যখনত এতিয়ালৈকে ১২জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। গুজৰাটত মৃত্যু হৈছে ১৯জন লোকৰ।

কেৰালাত বানৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ৱাইনাড আৰু কোঝিকোড। প্ৰায় ৫০ হাজাৰ লোক গৃহহাৰা হৈছে প্ৰলয়ংকৰী বানত। আঠখন জিলাত আগষ্টৰ পৰা ৮০টা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। এৰ্নাকুলাম, ইডুক্কী, পলক্কৰ, মলপুৰম, কোঝিকোড, ৱাইনাড, কন্নোৰ আৰু কছাৰগোড জিলাত বৰষুণৰ বাবে জাৰি কৰা হৈছে ৰেড এলাৰ্ট।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিমানযোগে পৰিদৰ্শন কৰিব কৰ্ণাটকৰ বানপীড়িত বেলগাৱী অঞ্চল। দেশৰ দক্ষিণ আৰু পশ্চিমৰ পাঁচখন ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা।
আৰু চাওক পৰৱৰ্তী বাতৰি