বিগত ৫০ বছৰ ধৰি পেইণ্টিঙৰ কাম কৰা সদানন্দনে কয় যে কালি পুৱা যেতিয়া তেওঁ বজাৰৰ পৰা ঘৰলৈ গৈ আছিল, সেই সময়তে এটা লটাৰীৰ টিকট কিনিছিল।
ভাগ্যৰ চকৰি কেতিয়া ঘূৰে কোনেও নাজানে। ভাগ্যই কাক কি পৰ্যায়লৈ লৈ যাব পাৰে সেই কথা অনুমান কৰাটো কোনোভাৱেই সম্ভৱ নহয়। তেনে এক ঘটনাই সংঘটিত হ’ল এজন ৰং মিস্ত্ৰীৰ সৈতে। এটা দিনৰ ভিতৰত ১২ কোটি টকাৰ গৰাকী হ’ল কেৰালাৰ এজন ৰং মিস্ত্ৰী। সপোনতো তেওঁ ভৱা নাছিল যে তেওঁৰ ভাগ্য এইদৰে উদয় হ’ব। আয়মানমৰ সমীপৰ কুদায়মপদীৰ বাসিন্দা সদানন্দনে দেওবাৰে পুৱা লটাৰীৰ এটা টিকট কিনিছিল। সদানন্দনে এই টিকটো খেলৰ মাত্ৰ কেইটামান ঘণ্টা পূৰ্বে ক্ৰয় কৰিছিল।
বিগত ৫০ বছৰ ধৰি পেইণ্টিঙৰ কাম কৰা সদানন্দনে কয় যে কালি পুৱা যেতিয়া তেওঁ বজাৰৰ পৰা ঘৰলৈ গৈ আছিল, সেই সময়তে এটা লটাৰীৰ টিকট কিনিছিল। বিগত কেইবা বছৰ ধৰি লটাৰীৰ টিকট ক্ৰয় কৰি আহিছিল সদানন্দনে, কিন্তু ইমান ডাঙৰ পুৰস্কাৰ পাব বুলি কেতিয়াও ভবা নাছিল।
সদানন্দনে কয় যে যেতিয়া লটাৰী বিক্ৰেটাই তেওঁ কৈছিল যে তেওঁ ১২ কোটি টকাৰ প্ৰথম পুৰস্কাৰ জিকিছে, তেতিয়া তেওঁ বিশ্বাসেই কৰিব পৰা নাছিল। তেওঁ কয় যে পুৰস্কাৰত পোৱা ধন নিজৰ সন্তানৰ ভৱিষ্যতৰ বাবে খৰচ কৰিব। খ্ৰীষ্টমাছ বাম্পাৰ লটাৰীৰ টিকটটোৰ দাম আছিল ৩০০ টকা। এই লটাৰীৰ দ্বিতীয় পুৰস্কাৰ ৩ কোটি আৰু তৃতীয় পুৰস্কাৰ ৬০ লাখ টকা আছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|