নিশাটোৰ ভিতৰতে সলনি হ’ল ভাগ্য!
নিশাটোৰ ভিতৰতে সলনি হ’ল ভাগ্য!
‘প্ৰত্যেক দিনাই জীৱিকা নিৰ্বাহৰ বাবে ইমান কষ্ট, চাওচোন এইবাৰ নিজৰ ভাগ্যখনকে।’ বৰদিন উপলক্ষে এজন শ্ৰমিকে ক্ৰয় কৰিছিল এটা লটাৰী টিকট। সিমানতে শেষ! কোনো দিন সপোনতো কল্পনা কৰা নাছিল লটাৰি জয় কৰিব বুলি। প্ৰত্যেকদিনাৰ দৰে কামৰ পৰা আহি নিশা শুই পৰিল কানপুৰৰ পেৰুনন ৰজন নামৰ শ্ৰমিকজন। কিন্তু কোনে জানিছিল, পিছদিনা শোৱাৰ পৰা উঠিয়েই যে তেওঁ কোটিপতি হ’ব?
১০ ফেব্ৰুৱাৰীত ক্ৰয় কৰা লটাৰী টিকটত ভাগ্য ফুলিল ৰজনৰ। এজন দৈনিক হাজিৰা কৰা শ্ৰমিকজনে লটাৰীত ১২ কোটি টকাৰ পুৰষ্কাৰ লাভ কৰে। উল্লেখযোগ্য যে, ৰজনে কান্নুৰ জিলাৰ এখন চহৰ কুথুপাৰম্বুৰ এজন লটাৰী বিক্ৰেতাৰ পৰা ২৬৯৬০৯ নম্বৰৰ বিজয়ী টিকটটো ক্ৰয় কৰিছিল। প্ৰথমে ১২কোটি টকা জয় কৰা কথা বিশ্বাসে কৰা নাছিল। বাৰে বাৰে তেওঁ পৰীক্ষা কৰিছিল নিজৰ লটাৰীৰ নম্বৰ।
আৰ্থিক ভাবে দুৰ্বল ৰজনে ১২ কোটি টকাৰ লটাৰী জয় কৰাৰ পিছতে উৎফুল্লিত হৈ পৰে। পুৱা পৰিয়ালৰ সৈতে স্থানীয় কোঅপাৰেটিভ বেংকত গৈ চেক জমা দিয়েগৈ। ১২ কোটি টকাৰ পৰা কৰ দিয়াৰ পিছত ৰজনে মুঠতে লাভ কৰিব ৭.২ কোটি টকা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|