• Home
  • »
  • News
  • »
  • nation
  • »
  • India News in Assamese : ছিৰিয়া হোৱাৰ পথত কেৰালা, গজগজীয়া হৈছে ইছলামিক সন্ত্ৰাসবাদ, বিজেপিৰ অভিযোগ

India News in Assamese : ছিৰিয়া হোৱাৰ পথত কেৰালা, গজগজীয়া হৈছে ইছলামিক সন্ত্ৰাসবাদ, বিজেপিৰ অভিযোগ

Kerala Turning to be Syria ! কে সুৰেন্দ্ৰন আৰু আন বিজেপি নেতাসকলে সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল আৰু তেওঁক কেৰালাৰ পিএফআইৰ কাৰ্যকলাপৰ বিষয়ে অৱগত কৰিছিল। সুৰেন্দ্ৰনে কয় যে ৰাজ্যখনৰ পিনাৰাই বিজয়ন চৰকাৰে PFIৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

  • Share this:
ভাৰতীয় জনতা পাৰ্টীয়ে মঙলবাৰে কেৰালা (Kerala)ত দল আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)ৰ কৰ্মীসকলৰ হত্যাৰ নিৰপেক্ষ তদন্তৰ দাবী জনোৱাৰ লগতে দাবী কৰে যে দক্ষিণৰ ৰাজ্যখন "ছিৰিয়া হোৱাৰ দিশে আগবাঢ়িছে" কাৰণ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (PFI)ৰ সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদ (Islamic Terrorism)ৰ ওপৰত ৰাজ্যখনত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই। বিজেপিৰ কেৰালা গোটৰ সভাপতি কে সুৰেন্দ্ৰনে দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দল আৰু RSS কৰ্মীৰ হত্যাৰ আঁৰত PFI জড়িত থকাৰ অভিযোগ উত্থাপন কৰে আৰু কয় যে সংগঠনটো ভাৰতৰ India News in Assamese বাবে ভাবুকি।

সুৰেন্দ্ৰনে কয়, '... ৰাজ্যখনত ইছলামিক সন্ত্ৰাসবাদৰ উত্থানৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই। ৰাজ্যজুৰি মাংস হালাল কৰা দোকানৰ বান আহিছে... কেৰালা ছিৰিয়া হোৱাৰ দিশে আগবাঢ়িছে, এয়া সাধাৰণ মানুহৰ অনুভৱ।' সংবাদমেলত সুৰেন্দ্ৰনৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰলীধৰণ আৰু বিজেপিৰ মুখপাত্ৰ ৰাজীৱ চন্দ্ৰশেখৰও উপস্থিত আছিল।

কে সুৰেন্দ্ৰনে আন বিজেপি নেতাসকলৰ সৈতে সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল আৰু তেওঁক কেৰালাৰ পিএফআইৰ কাৰ্যকলাপৰ বিষয়ে অৱগত কৰিছিল। তেওঁ কয় যে ৰাজ্যখনৰ পিনাৰাই বিজয়ন চৰকাৰে PFI ৰ বিৰুদ্ধএ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

সুৰেন্দ্ৰনে লগতে এই অভিযোগো কৰে যে কেৰালা আৰক্ষীয়ে হত্যাৰ গোচৰত দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু শাসনাধিষ্ঠ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি আৰু পিএফআইৰ মাজত মিতিৰালি আছে। বিজেপিৰ ৰাজ্যিক গোটে অভিযোগ কৰিছে যে পিএফআইৰ ৰাজনৈতিক শাখা ছ'চিয়েল ডেমক্ৰেটিক পাৰ্টি অৱ ইণ্ডিয়াৰ (এছডিপিআই) কৰ্মীসকল হত্যাৰ আঁৰত জড়িত আছিল। অৱশ্যে এছডিপিআইয়ে বিজেপিৰ অভিযোগ নাকচ কৰিছে।
Published by:Manjumoni Borah
First published: