• Home
  • »
  • News
  • »
  • nation
  • »
  • LGBTQ : সমকামী দুই যুৱতীক একেলগে থকাৰ অনুমতি কেৰালা উচ্চ ন্যায়ালয়ৰ

LGBTQ : সমকামী দুই যুৱতীক একেলগে থকাৰ অনুমতি কেৰালা উচ্চ ন্যায়ালয়ৰ

স্কুলীয়া দিনৰে পৰা আছিল সমকামী সম্পৰ্ক, কলেজ পোৱাৰ পিছত আহিছিল পৰিয়ালৰ পৰা বাধা

স্কুলীয়া দিনৰে পৰা আছিল সমকামী সম্পৰ্ক, কলেজ পোৱাৰ পিছত আহিছিল পৰিয়ালৰ পৰা বাধা

স্কুলীয়া দিনৰে পৰা আছিল সমকামী সম্পৰ্ক, কলেজ পোৱাৰ পিছত আহিছিল পৰিয়ালৰ পৰা বাধা

  • Share this:
দুই সমকামী প্ৰেমিক দম্পতী আদিলা নাছৰিন (২২) আৰু ফাতিমা নুৰা (২৩)। কেৰালা নিবাসী দম্পতীটোৱে তেওঁলোকক একেলগে থকাৰ অনুমতি দিয়াৰ প্ৰসংগত আদালতত দাখিল কৰিছিল আবেদন আৰু আদালতে ৩১ মে'ত এই সম্পৰ্কে ৰায়দান কৰে। আদালতৰ ৰায়দান অনুসৰি তেওঁলোকে একেলগে থাকিব পাৰিব।

কিন্তু আদালতৰ (Kerala High Court) ৰায়ৰ পিছত তেওঁলোক দুয়োজনে মুকলিকৈ জীৱন যাপন কৰিব পাৰিব যদিও দুয়োজনে কয়– ''আমি এতিয়াও আমাৰ পৰিয়ালক ভয় কৰোঁ।''

ভাৰতৰ দৰে সমাজ ব্যৱস্থাত সমকামিতাৰ দৰে সম্পৰ্কক স্বাভাৱিকতে পৰিয়াল বা সমাজে স্বীকৃতি দিয়াটো টান। আদিলা নাছৰিনে প্ৰকাশ কৰা অনুসৰি, তেওঁলোকক আৱেগিকভাৱে ক্লান্ত কৰি তুলিছিল, এনে পৰিস্থিতিত আশ্ৰয় লৈছিল আদালতৰ।

এতিয়া আদালতৰ ৰায়দানৰ পিছত তেওঁলোকে কয়– ''আমি এলজিবিটিকিউ (LGBTQ) সম্প্ৰদায়ৰ লোকসকলৰ পৰা যথেষ্ট সমৰ্থন পাইছিলোঁ। আমি কেৰালা উচ্চ ন্যায়ালয়ৰ আদেশৰ পৰা সুখী আৰু স্বাধীন। প্ৰকৃততে, আমি সম্পূৰ্ণৰূপে মুক্ত নহয়, কিয়নো আমাৰ পৰিয়ালে এতিয়াও আমাক ভাবুকি দি আছে।''

উল্লেখ্য, তেওঁলোকক পৰিয়ালৰ দ্বাৰা বলপূৰ্বক পৃথক কৰা হৈছিল। তেতিয়া আদিলা নাছৰিনে কেৰালা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। ফাতিমা নুৰাক বিনানীপুৰম আৰক্ষীয়ে আদালতৰ সন্মুখলৈ আনে। এক চমু শুনানিত ন্যায়াধীশ কে বিনোদ চন্দ্ৰন আৰু চি জয়চন্দ্ৰনৰ বিচাৰপীঠে সমকামী দম্পতীহালৰ সৈতে পোনপটীয়াকৈ কথা পাতি তেওঁলোকক সুধিছিল যে তেওঁলোকে একেলগে থাকিব বিচাৰে নেকি। তেওঁলোক দুয়োজনে ইতিবাচক উত্তৰ দিছিল, যাৰ পিছত আদালতে তেওঁলোকৰ পক্ষত ৰায় দিছিল।

সম্পৰ্কৰ বিষয়ে আদিলাই আদালতক কয়– ''আমি এটা সমকামী দম্পতী আৰু আমি স্কুলৰ দিনৰে পৰা বন্ধু। আমাৰ পিতৃ-মাতৃয়ে আমাৰ সম্পৰ্কক লৈ সন্দেহ কৰিছিল যদিও আমি মিছা কৈছিলোঁ। ডিগ্ৰী সম্পূৰ্ণ কৰি চাকৰি পোৱাৰ পিছত আমি আমাৰ ঘৰ এৰি গৈছিলোঁ। ইয়াৰ পিছতে পৰিয়ালৰ পৰা সম্পৰ্কক লৈ আপত্তি আহিবলৈ ধৰিছিল।
Published by:Gautam Barman
First published: