নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কেৰালা চৰকাৰ, অসাংবিধানিক ঘোষণাৰ বাবে আবেদন

News18 Assam | News18-Assam
Updated:January 14, 2020, 10:30 AM IST
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কেৰালা চৰকাৰ, অসাংবিধানিক ঘোষণাৰ বাবে আবেদন
এই প্ৰস্তাৱ গৃহীত কৰি পিনাৰায়ে কৈছিল – ‘মই স্পষ্ট কৰি দিব বিচাৰিছো যে কেৰালাত কোনো ডিটেনশ্যন কেম্প আহিবলৈ দিয়া নহ’ব। কেৰালাত ধৰ্মনিৰপেক্ষতাৰ এক দীঘলীয়া ইতিহাস আছে। আমাৰ পৰম্পৰা সন্মিলিত। আমাৰ বিধানসভাই আমাৰ পৰম্পৰা ৰক্ষা কৰাটো প্ৰয়োজনীয়।’

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কেৰালা চৰকাৰ। বিতৰ্কিত আইনখনক অসাংবিধানিক ঘোষণাৰ কৰাৰ বাবে আবেদন জনাই উচ্চতম ন্যায়ালয়ত এক গোচৰ ৰুজু কৰিছে বিজয়ন পিনাৰায় চৰকাৰে। এই আইনখনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা প্ৰথমখন চৰকাৰ কেৰালা চৰকাৰ।

ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এক প্ৰস্তাৱ গৃহীত কৰিছিল। দেশজুৰি হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আইনখন বাতিল কৰাৰ বাবে কেন্দ্ৰক প্ৰস্তাৱ দিছিল কেৰালা চৰকাৰে। বিজেপিৰ অ’ ৰাজাগোপালৰ বাদে আন সকলো বিধায়কে সমৰ্থন জনাইছিল এই প্ৰস্তাৱত।

এই প্ৰস্তাৱ গৃহীত কৰি পিনাৰায়ে কৈছিল – ‘মই স্পষ্ট কৰি দিব বিচাৰিছো যে কেৰালাত কোনো ডিটেনশ্যন কেম্প আহিবলৈ দিয়া নহ’ব। কেৰালাত ধৰ্মনিৰপেক্ষতাৰ এক দীঘলীয়া ইতিহাস আছে। আমাৰ পৰম্পৰা সন্মিলিত। আমাৰ বিধানসভাই আমাৰ পৰম্পৰা ৰক্ষা কৰাটো প্ৰয়োজনীয়।’

CAA বলৱৎ কৰাটো সমতা আৰু মৌলিক অধিকাৰৰ উলংঘন বুলি মন্তব্য কৰি কেৰালাৰ মুখ্যমন্ত্ৰীয়ে কয় যে সংসদৰ দুয়ো সদনত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী আইনে বিভিন্ন সম্প্ৰদায়ৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে, তাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদো হৈছে। কেৰালাতো ইয়াৰ বিৰুদ্ধে শান্তিপূৰ্ণ আৰু ঐক্যবদ্ধ আন্দোলন হৈছে।

১১ ডিচেম্বৰত ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত কেৰালাৰ মুখ্যমন্ত্ৰীয়ে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰি কৈছিল যে এই অসাংবিধানিক বিধেয়কৰ কেৰালাত কোনো স্থান নাই আৰু এয়া কাৰ্যকৰী হ’বলৈ নিদিওঁ।

কেৰালা বিধানসভাৰ প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত, ৰাজ্যখনৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে কয় যে এই পদক্ষেপৰ কোনো সাংবিধানিক বা আইনী ভিত্তি নাই যিহেতু নাগৰিকত্ব এক কেন্দ্ৰীয় বিষয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি