সন্তানৰ অস্ত্ৰোপচাৰ কৰিছিল নিজ হাতে, কন্যাক বচাব নোৱাৰি জীৱন ত্যাগ কৰিলে চিকিত্‍সকে

News18 Assam | News18-Assam
Updated:October 4, 2020, 2:19 PM IST
সন্তানৰ অস্ত্ৰোপচাৰ কৰিছিল নিজ হাতে, কন্যাক বচাব নোৱাৰি জীৱন ত্যাগ কৰিলে চিকিত্‍সকে
যোৱা বৃহস্পতিবাৰে চিকিত্‍সকজনৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহ। বাথৰুমৰ ৱালত ‘চৰি’ বুলিও লিখিছিল অনুপে।

যোৱা বৃহস্পতিবাৰে চিকিত্‍সকজনৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহ। বাথৰুমৰ ৱালত ‘চৰি’ বুলিও লিখিছিল অনুপে।

  • Share this:
নিজৰ চকুৰ সন্মুখতে প্ৰাণ হেৰুৱালে সৰুজনী জীয়ে। এই চৰম হতাশা সহ্য কৰিব নোৱাৰিলে চিকিত্‍সকে। নিজৰ জীয়ৰীৰ জীৱন ৰক্ষা কৰিব নোৱাৰাৰ পিছতে চিকিত্‍সকজনক উদ্দেশ্যি বিভিন্নজনে তীৰ্যক মন্তব্য কৰিছিল। ছচিয়েল মিডিয়াটো একাংশই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল চিকিত্‍সকজনক। এফালে সন্তান হেৰুওৱাৰ দুখ, আনফালে একাংশৰ তীব্ৰ আক্ৰমণ। সহ্য কৰিব নোৱাৰি অৱশেষত নিজৰ জীৱন ত্যাগ কৰিলে ৩৫ বছৰীয়া চিকিত্‍সক অনুপ কৃষ্ণই।

জানিব পৰা মতে, যোৱা ২৩ ছেপ্তেম্বৰত নিজৰ সাত বছৰীয়া কন্যাৰ অস্ত্ৰোপচাৰ কৰিছিল চিকিত্‍সক ডা০ অনুপে। কন্যাৰ হাৰ্টৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। কিন্তু সেই সময়তে হঠাত্‍ হৃদযন্ত্ৰৰ ক্ৰীয়া বন্ধ হৈ মৃত্য হয় চিকিত্‍সক জনৰ ৭ বছৰীয়া কন্যা।

দেউতাকে চিকিত্‍সা কৰাৰ সময়তে কন্যাই মৃত্যুক সাৱটি লোৱাৰ পিছত ছচিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হয় চিকিত্‍সকগৰাকী। একাংশই আনকি নিজৰ কন্যাক হত্যা কৰিলে বুলিও মন্তব্য কৰে। বহুতে অপৰাধী বুলিও অভিহিত কৰে অনুপক। শেষত বৃহস্পতিবাৰে নিজৰ ঘৰতে উদ্ধাৰ কৰা হয় চিকিত্‍সক ডা০ অনুপ কৃষ্ণৰ মৃতদেহ। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। ঘটনাটো সংঘটিত হৈছে কেৰালাৰ কোল্লাম জিলাত।
Published by: Himangshu Bhuyan
First published: October 4, 2020, 2:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading