মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»এয়াই মহানুভৱতা! হাতত ৮৫০ টকা ৰাখি কোভিড–১৯ ভেকচিনৰ বাবে বিড়ি বনোৱা কৰ্মীয়ে দান কৰিলে ২ লাখ টকা

এয়াই মহানুভৱতা! হাতত ৮৫০ টকা ৰাখি কোভিড–১৯ ভেকচিনৰ বাবে বিড়ি বনোৱা কৰ্মীয়ে দান কৰিলে ২ লাখ টকা

News18 Assam | News18-Assam
Updated:April 27, 2021, 12:48 PM IST
এয়াই মহানুভৱতা! হাতত ৮৫০ টকা ৰাখি কোভিড–১৯ ভেকচিনৰ বাবে বিড়ি বনোৱা কৰ্মীয়ে দান কৰিলে ২ লাখ টকা
কেৰালাত বিনামূলীয়া কোভিড টিকাকৰণ অভিযানত সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ পুঁজিলৈ ২ লাখ টকা দান এজন বিড়ি বনোৱা কৰ্মীৰ।

কেৰালাত বিনামূলীয়া কোভিড টিকাকৰণ অভিযানত সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ পুঁজিলৈ ২ লাখ টকা দান এজন বিড়ি বনোৱা কৰ্মীৰ।

  • Share this:
ভাৰতত প্ৰতিদিনে কোৰোণা সংক্ৰমণৰ পৰিস্থিতিয়ে অতি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে এনে ঘটনাই প্ৰতিদিনে ৰচিছে ন ন অভিলেখ। কোৰোণাৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজিবলৈ ভাৰতে এতিয়া সংগ্ৰাম কৰিবলগীয়া হোৱাৰ লগতে দেশৰ স্বাস্থ্য খণ্ডক প্ৰয়োজন হৈছে সহায়ৰ।

দেশৰ বিপৰ্যয়ৰ এই সময়ত সকলো একত্ৰিত হোৱাৰ লগতে ইজনে আনজনক সহায়ৰ বাবে একত্ৰিত হোৱাও পৰিলক্ষিত হৈছে। মানৱতা, মহানুভৱতা দেখুৱাই পাৰ্যমানে সহায়েৰে দেশক ৰক্ষা কৰিবলৈ আগুৱাই আহিছে বহু লোক। তেনেই এক ঘটনা এইবাৰ পোহৰলৈ আহিছে কেৰালাত। কেৰালাৰ এজন বিড়ি বনোৱা কৰ্মীয়ে তেওঁৰ প্ৰায় সম্পূৰ্ণ সঞ্চয় মুখ্যমন্ত্ৰী পুঁজিলৈ দান কৰি দেখুৱাইছে মহানুভৱতা। ৰাজ্যখনত বিনামূলীয়া টীকাকৰণ অভিযান আৰম্ভ কৰাত সহায় হোৱাকৈ লোকজনে আগবঢ়াইছে ২ লাখ টকা।

কেৰালাৰ কান্নুৰ জিলাৰ বিশেষভাৱে সক্ষম বিড়ি ৰ'লাৰ জনাৰ্দনে হাতত মাত্ৰ ৮৫০ টকা ৰাখি মুখ্যমন্ত্ৰীৰ দুৰ্যোগ সাহায্য পুঁজিলৈ আগবঢ়াইছে তেওঁৰ সঞ্চয়ৰ সমস্ত ধন। এই সম্পৰ্কত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি জনাৰ্দনে কয়, "ইয়াৰ বাবে মোৰ কোনো অনুশোচনা নাই। যেতিয়া মই টিভিৰ বাতৰিত শুনিছিলো যে ভেকচিন ৰাজ্য চৰকাৰৰ বাবে এক ডাঙৰ বোজা হৈ পৰিব, তেতিয়া মই ভাৱিছিলো যে এয়া মই চাই থাকিব নোৱাৰিম। সেইদিনা ৰাতি মই শুব পৰা নাছিলো। পিছদিনা মই বেংকলৈ গৈছিলো আৰু টকা দান কৰাৰ পিছতহে মই সকাহ অনুভৱ কৰিছিলো।"

ইফালে যেতিয়া তেওঁ টকা দান কৰিবলৈ বেংকলৈ গৈছিল, আনকি বেংকৰ বিষয়াও আচৰিত হৈ পৰিছিল। এই কম টকাৰে তেওঁ কেনেকৈ জীয়াই থাকিব বুলি সোধাত জনাৰ্দনে কৈছিল যে বিড়ি ৰোলাৰ হিচাপে তেওঁৰ এতিয়াও উপাৰ্জন আছে আৰু লগতে চৰকাৰৰ পৰা তেওঁ বিশেষভাৱে সক্ষম হোৱাৰ মাহিলী পেঞ্চন লাভ কৰে। বিগত বছৰ পত্নীক হেৰুৱাই দুগৰাকী জীয়ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে থকা জনাৰ্দনে বিশ্বাস কৰে যে মানুহৰ জীৱন তেওঁৰ সঞ্চয় আৰু ধনতকৈ ডাঙৰ।

জনাৰ্দনৰ মহানুভৱতাৰ এই কাহিনী কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে টুইটযোগে শ্বেয়াৰ কৰি লিখিছিল -"মুখ্যমন্ত্ৰীৰ দুৰ্যোগ সাহায্য পুঁজিত ধন দানৰ বহু হৃদয়স্পৰ্শী কাহিনী পোহৰলৈ আহিছে, যাৰ ভিতৰত আছে এজন বৃদ্ধ ব্যক্তি যিয়ে তেওঁৰ সঞ্চয় বেংক একাউণ্টৰ জমাধন ২,০০,৮৫০ টকাৰ পৰা ২ লাখ টকাই দান কৰিছে। ইজনে আনজনৰ প্ৰতি থকা এই প্ৰেমেই আমাক পৃথক কৰে। আকৌ এবাৰ, আপোনালোক সকলোকে ধন্যবাদ!

আনফালে কেৰালাৰ বিত্ত মন্ত্ৰী থমাছ আইজাকেও প্ৰশংসাৰে উপচাই তুলিছিল জনাৰ্দনক।

উল্লেখ্য যে, এই কথা পোহৰলৈ অহাৰ পিছতে সকলোৱে ভূয়সী প্ৰশংসা কৰিছে বিড়ি বনোৱা কৰ্মীগৰাকীৰ মহানুভৱতাক।
Published by: Sanjay Kumar Das
First published: April 27, 2021, 12:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি