ধন ঘটিবলৈ ৰান্ধনীৰ কাম কৰিবলৈ মালয়েছিয়ালৈ যাবলৈ সাজু হোৱা কেৰালা (Kerala)ৰ এজন অটো-ৰিক্সা চালক (auto-rickshaw driver)ৰ যিদৰে কপাল ফুলিল দেখি সকলোৰে চকু কপালত উঠিছে। দেওবাৰে কেৰালাত অনুষ্ঠিত হোৱা ওনাম বাম্পাৰ লটাৰী (Onam bumper lottery)ত এইজন অটো চালকে জয় কৰে ২৫ কোটি টকা। মালয়েছিয়া (Malaysia)লৈ যাবলৈ বেংকত ৩ লাখ টকাৰ ঋণৰ বাবে কৰা আবেদন অনুমোদন হোৱাৰ মাত্ৰ এদিন পিছতে ২৫ কোটি টকা (ঈে 25 crore)ৰ বাম্পাৰ লটাৰী জয় কৰে অনুপ নামৰ অটো চালকজনে।
লটাৰী জয় কৰাৰ পিছতে অনুপে কয় যে তেওঁ আৰু ঋণ নলয় আৰু মালয়েছিয়ালৈও নাযায়। যোৱা ২২ বছৰ ধৰি তেওঁ লটাৰীৰ টিকট ক্ৰয় কৰি আহিছে আৰু বিগত সময়ছোৱাত কেইশমানৰ পৰা সৰ্বোচ্চ ৫ হাজাৰ টকালৈকে ধন লাভ কৰিছে বুলি অনূপে কয়।
"মই জয়ী হোৱাৰ আশা কৰা নাছিলো আৰু সেয়েহে, মই টিভিত লটাৰীৰ ফলাফল চোৱা নাছিলো। অৱশ্যে যেতিয়া মই মোৰ ফোনটো পৰীক্ষা কৰিলোঁ, মই দেখিলোঁ যে মই জয়ী হৈছো। মই বিশ্বাস কৰিব পৰা নাছিলো আৰু মোৰ পত্নীক দেখুৱাইছিলো। তাই সেই কথা নিশ্চিত কৰিছিল।" ই আছিল বিজয়ী সংখ্যা।’
অনূপে কয়, "কিন্তু মই তেতিয়াও টেনচনত আছিলো, গতিকে মই লটাৰীৰ টিকট বিক্ৰী কৰা মই চিনি পোৱা এগৰাকী ভদ্ৰমহিলাক ফোন কৰি মোৰ টিকটৰ এখন ছবি পঠালোঁ। তাই নিশ্চিত কৰিলে যে সেইটোৱেই বিজয়ী নম্বৰ।"
কৰ কৰ্তন হোৱাৰ পিছত অনূপে চাগে প্ৰায় ১৫ কোটি টকা ঘৰলৈ লৈ যাব।
এই ধনৰ সৈতে তেওঁ কি কৰিবলৈ মনস্থ কৰিছে বুলি সোধাত তেওঁ কয় যে তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে তেওঁৰ পৰিয়ালৰ বাবে এটা ঘৰ নিৰ্মাণ কৰা আৰু তেওঁৰ বাবে জমা হোৱা ঋণ পৰিশোধ কৰা।
ইয়াৰ উপৰিও অনূপে কয় যে তেওঁ নিজৰ আত্মীয়-স্বজনক সহায় কৰিব, কিছু চেৰিটি কাম কৰিব আৰু কেৰেলাৰ হোটেল ক্ষেত্ৰত কিবা এটা কাম আৰম্ভ কৰিব। অনূপে কয়, ‘মই আকৌ লটাৰীৰ টিকট কিনিম।
এজেন্সীটোত তেওঁৰ সৈতে উপস্থিত থকা তেওঁৰ পত্নীয়েও সাংবাদিকৰ আগত কয় যে তেওঁ বছৰ বছৰ ধৰি টিকট ক্ৰয় কৰি আহিছে। তেওঁ আৰু কয় যে জয়ৰ বিষয়ে সকলোৱে জানিব পৰাৰ পৰাই আমাক বহুত ফোন আহিছে।
আকৰ্ষণীয় কথাটো হ’ল শ্ৰীভাৰহামৰ অনূপে শনিবাৰে বিজয়ী টিকটটো কিনিছিল --TJ 750605. কিন্তু ই তেওঁৰ প্ৰথম পছন্দ নাছিল। প্ৰথমে লোৱা টিকটটো পছন্দ নোহোৱাত অমুপে এই টিকটটো কিনিছিল যিটোৱে তেওঁক ২৫ কোটি টকাৰ বিজয়ী কৰিছিল।
প্ৰসংগক্ৰমে যোৱা বছৰৰ ওনাম বাম্পাৰ লটাৰীতো ১২ কোটি টকা এজন অটো-ৰিক্সা চালকেই জয়ী হৈছিল। কোচিৰ সমীপৱৰ্তী মাৰাডুৰ অটোৰিক্সা চালক জয়পালন পি আৰ বিগত বছৰ লটাৰীত জয়লাভ কৰিছিল।
এইবাৰৰ দ্বিতীয় পুৰস্কাৰ ৫ কোটি টকা আছিল যিটো TG 270912 নম্বৰৰ টিকটৰ মালিকজনে লাভ কৰিছে। ইয়াৰ উপৰি আন ১০ গৰাকীয়ে ১ কোটি টকাকৈ পুৰস্কাৰ লাভ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|