পঢ়াৰ কোনো শেষ নাই! সকলোকে আচৰিত কৰি পৰীক্ষাত ঈৰ্ষণীয় সফলতা ১০৫ বছৰীয়া আম্মাৰ

News18 Assam | News18-Assam
Updated:February 6, 2020, 12:52 PM IST
পঢ়াৰ কোনো শেষ নাই! সকলোকে আচৰিত কৰি পৰীক্ষাত ঈৰ্ষণীয় সফলতা ১০৫ বছৰীয়া আম্মাৰ
গণিতত লাভ কৰিছে শতকৰা এশ শতাংশ নম্বৰ

গণিতত লাভ কৰিছে শতকৰা এশ শতাংশ নম্বৰ

  • Share this:
শিকাৰ কোনো নিৰ্দিষ্ট সময় নাই, সেইদৰে পঢ়াৰো নাই কোনো শেষ, এই কথাকে যেন প্ৰমাণ কৰিলে এগৰাকী ১০৫ বছৰীয়া বৃদ্ধাই। এগৰাকী ১০৫ বছৰীয়া আম্মাই ষ্টাৰ মাৰ্ক সহ উত্তীৰ্ণ হৈছে পৰীক্ষাত। বৃদ্ধা গৰাকীৰ ঘৰ কেৰালাত। নৱেম্বৰ মাহত হোৱা পৰীক্ষাত মহিলাগৰাকীয়ে মুঠ ২৭৫ নম্বৰৰ ভিতৰত ২০৫ নম্বৰ লাভ কৰি সকলোকে দিছে চমক।

মুঠ চাৰিটা বিষয়, মালায়ালম, ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞানৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ভাগীৰথী আম্মাই গণিতত লাভ কৰিছে শতকৰা এশ শতাংশ নম্বৰ। সেইদৰে মালায়ালমত ৭৫ৰ ভিতৰত ৫০, ইংৰাজীত ৫০ৰ ভিতৰত ৩০ আৰু সমাজ বিজ্ঞানত ৭৫ৰ ভিতৰত ৫০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।



একেবাৰে সাধাৰণ আম্মাৰ জীৱন। আম্মাৰ যেতিয়া ৩০ বছৰ হৈছিল তেতিয়াই হেৰুৱাইছিল স্বামীক। ছটা সন্তানৰ মাতৃ আম্মাই সৰ্বমুঠ তিনিদিনত শেষ কৰিছিল তিনিটা বিষয়ৰ লিখিত পৰীক্ষা। আম্মাই পৰীক্ষাত লাভ কৰা সফলতাৰ পিছত কেৰালাৰ ৰাজ্যিক সাক্ষৰতা মিছন সঞ্চালক পি এছ শ্ৰীকলাই আহি শুভেচ্ছা দিয়ে। সমপৰ্যায়ৰ পৰীক্ষাৰ পিছত আম্মাৰ পৰৱৰ্তী লক্ষ্য হ’ল দশম শ্ৰেণীৰ সমপৰ্যায়ৰ পৰীক্ষা।
আৰু চাওক
পৰৱৰ্তী বাতৰি