• Home
  • »
  • News
  • »
  • nation
  • »
  • Arvind Kejriwal : কেজৰিৱালে ৩০ চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষক শিক্ষকতা প্ৰশিক্ষণৰ কাৰণে পঠিয়ালে অক্সফ'ৰ্ড বিশ্ববিদ্যালয়লৈ 

Arvind Kejriwal : কেজৰিৱালে ৩০ চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষক শিক্ষকতা প্ৰশিক্ষণৰ কাৰণে পঠিয়ালে অক্সফ'ৰ্ড বিশ্ববিদ্যালয়লৈ 

দিল্লী চৰকাৰে ২০১৬ চনৰ পৰা ৪০০জন শিক্ষক আৰু বিষয়াক বিদেশৰ বিশ্ববিদ্যালয়লৈ প্ৰশিক্ষণৰ কাৰণে প্ৰেৰণ কৰিছে 

দিল্লী চৰকাৰে ২০১৬ চনৰ পৰা ৪০০জন শিক্ষক আৰু বিষয়াক বিদেশৰ বিশ্ববিদ্যালয়লৈ প্ৰশিক্ষণৰ কাৰণে প্ৰেৰণ কৰিছে 

দিল্লী চৰকাৰে ২০১৬ চনৰ পৰা ৪০০জন শিক্ষক আৰু বিষয়াক বিদেশৰ বিশ্ববিদ্যালয়লৈ প্ৰশিক্ষণৰ কাৰণে প্ৰেৰণ কৰিছে 

  • Share this:
অহা সপ্তাহৰ দিল্লী চৰকাৰৰ অধীনৰ ৩০খন বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষা বিভাগৰ বিষয়াই ইংলেণ্ডৰ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ত Leadership Training ল’বলৈ ৰাওনা হ’ব । শিক্ষা বিভাগৰ শীর্ষ সূত্ৰই জনোৱা মতে, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ডৰ বিশ্ববিদ্যালয়ত প্ৰশিক্ষণ ল’বলৈ যোৱা এইটো চতুৰ্দশ গোট।

ইতিমধ্যে দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ ছিছোদিয়াই অক্সফ'ৰ্ডলৈ যাবৰ বাবে সাজু হোৱা গোটটোক সাক্ষাৎ কৰিছে । তেওঁ কয়– ''ইংলেণ্ডৰ বিশ্ববিদ্যালয়খনে সৰ্বোত্তম মূল্যায়ন প্ৰক্ৰিয়া উদ্ভাৱন কৰি উলিয়াইছে, গতিকে দিল্লী চৰকাৰে পঠিওৱা এই গোটটোৱে এই প্ৰক্ৰিয়া আয়ত্ত কৰি দিল্লীৰ স্কুলসমূহত ৰূপায়ণ কৰাৰ ৰাস্তা খোল খাব।'' তেওঁ লগতে কয়– ''এনেধৰণৰ প্ৰশিক্ষণ শিক্ষার্থী কেন্দ্ৰিক মূল্যায়ন প্ৰক্রিয়া অৱলম্বন কৰিবলৈ সহায়কাৰী হ’ব।''

উল্লেখযোগ্য যে ২০১৬ চনৰ পৰাই দিল্লী চৰকাৰে স্কুলৰ শিক্ষকক বিশ্বপ্ৰসিদ্ধ বিশ্ববিদ্যালয় যেনে হাৱাৰ্ড, কেম্ব্ৰিজ, অক্সফ'ৰ্ড আদিলৈ প্ৰশিক্ষণৰ কাৰণে প্ৰেৰণ কৰি আহিছে। এতিয়ালৈ ৪০০ অধ্যক্ষ তথা শিক্ষা বিভাগৰ বিষয়াই এই প্ৰশিক্ষণ গ্ৰহণ কৰিছে। দিল্লী চৰকাৰক অনুকৰণ কৰি পাঞ্জাৱত নৱগঠিত আম আদমী পাৰ্টী চৰকাৰেও চৰকাৰী বিদ্যালয়ৰ শিক্ষকক বিদেশৰ বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি