সংবাদ সংস্থা এএনআইৰ মতে, তেওঁ লগতে কয় যে এইটো দেশৰ বাবে ভাল কথা নহয়। কেৱল এয়াই নহয়, ৰাৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণৰ দাবী জনায়। উল্লেখ্য যে, ২০১৬ চনৰ ছেপ্টেম্বৰ মাহৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰি আৰু কোভিড বিৰোধী ভেকছিনৰ কাৰ্যকাৰিতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ বাবে উত্তৰাখণ্ডত এক ৰেলীৰ সময়ত শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক বাক্যবাণ নিক্ষেপ কৰিছিল।
তেওঁ আৰু প্ৰশ্ন কৰিছিল যে হিন্দু মহাকাব্যত এইটোৱেই শিকোৱা হয় নেকি। আপুনি (বিজেপি) বেয়া মানুহ। মই বিজেপি সভাপতি নাড্ডাক অনুৰোধ জনাইছো যে যদি আপুনি সৎ হয় আৰু ধৰ্মত বিশ্বাস কৰে তেন্তে অসমৰ মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰক। এজন মুখ্যমন্ত্ৰীয়ে এনেদৰে কথা পাতিব পাৰিবনে? সকলোবোৰৰ এটা সীমা আছে।