নৃত্য শিকোৱাৰ নামত ছাত্ৰীক শ্লীলতাহানিৰ অপচেষ্টা, গ্ৰেপ্তাৰ হ’ল শিক্ষক

২৩ বছৰীয়া ছাত্ৰীগৰাকীয়ে আৰক্ষী চকীত শিক্ষকজনৰ বিৰুদ্ধে শ্লীলতাহানিৰ অভিযোগ দাখিল কৰে।
২৩ বছৰীয়া ছাত্ৰীগৰাকীয়ে আৰক্ষী চকীত শিক্ষকজনৰ বিৰুদ্ধে শ্লীলতাহানিৰ অভিযোগ দাখিল কৰে।
- News18 Assam
- Last Updated: December 18, 2020, 10:30 PM IST
আৰক্ষীৰ সূত্ৰৰ পৰা জনোৱা মতে, ২৩ বছৰীয়া ছাত্ৰীগৰাকীয়ে শিক্ষকজনৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। পিছত আৰক্ষীয়ে সোধা-পোছাৰ বাবে শিক্ষকক থানালৈ লৈ আহে।
২৩ বছৰীয়া ছাত্ৰীগৰাকী দিল্লীৰ চান মাৰ্টিন মাৰ্গৰ কথক কেন্দ্ৰৰ তৃতীয় বৰ্ষৰ ছাত্ৰী। নৃত্যৰ বিষয়ত গ্ৰহণ কৰিছে ডিপ্লোমা পাঠ্যক্ৰম। কিছুদিন ধৰি শিক্ষকজনে ছাত্ৰীগৰাকীক শ্লীলতাহানিৰ অপচেষ্টা কৰি আহিছিল। ক্লাছৰ ভিতৰত কোনো নথকাৰ সুযোগ লৈ সাৱটি ধৰাৰ চেষ্টা কৰাৰ লগতে ক্লাচ শেষ হোৱাৰ পিছতো বহুসময় জোৰকৈ ৰাখিছিল ছাত্ৰীগৰাকীক। আকনি ছাত্ৰীগৰাকীলৈ অসত্ মেছেজো প্ৰেৰণ কৰিছিল শিক্ষকজনে।