সেনা বিষয়াৰ মতে এবছৰত ৭৫জন নিহত সন্ত্ৰাসবাদীৰ ২১জনেই আছিল বিদেশী
সেনা বিষয়াৰ মতে এবছৰত ৭৫জন নিহত সন্ত্ৰাসবাদীৰ ২১জনেই আছিল বিদেশী
জম্মু-কাশ্মীৰত বুদগাম জিলাত উগ্ৰপন্থীয়ে এজন কাশ্মীৰী পণ্ডিতক গুলীয়াই হত্যা কৰে। তথ্য অনুসৰি, বৃহস্পতিবাৰে বুদগাম জিলাৰ চাদুৰা অঞ্চলত সন্দেহযুক্ত উগ্ৰপন্থীয়ে উক্ত লোকগৰাকীৰ কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু গুলীয়াই হত্যা কৰে। ৰাহুল ভাট নামৰ কাশ্মীৰী পণ্ডিতগৰাকী চাদুৰা অঞ্চলত অৱস্থিত তহচিল কাৰ্যালয়ত কাম কৰিছিল। ঘটনাৰ পিছতে এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যুবৰণ কৰে (Kashmiri Pandit Shot Dead )।
এক টুইটযোগে কাশ্মীৰ আৰক্ষীয়ে কয়, "সন্ত্ৰাসবাদীয়ে বুদগামৰ চান্দুৰাত থকা তহচিলদাৰৰ কাৰ্যালয়ত সংখ্যালঘু সম্প্ৰদায়ৰ ৰাহুল ভাট নামৰ এজন কৰ্মচাৰীক গুলীয়াই হত্যা কৰে।''
উল্লেখনীয় যে জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীয়ে আজিকালি কাশ্মীৰী পণ্ডিতকে ধৰি সংখ্যালঘু সম্প্ৰদায় আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক লক্ষ্য কৰি লৈছে। এগৰাকী সেনা বিষয়াই শেহতীয়াকৈ জম্মু আৰু কাশ্মীৰত কমেও ১৬৮জন উগ্ৰপন্থী বৰ্তমান সক্ৰিয় হৈ থকা বুলি উল্লেখ কৰি এই বছৰ এনকাউণ্টাৰত ৭৫জন সন্ত্ৰাসবাদী নিহত হৈছে।
তথ্য অনুসৰি, এই নিহত সন্ত্ৰাসবাদীসকলৰ (Terrorists in Jammu and Kashmir) ভিতৰত ২১জন বিদেশী আছিল। যোৱা ১১ মাহত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত হোৱা সংঘৰ্ষত বহু সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ১২টা অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰা হৈছিল বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ নকৰালৈকে তীব্ৰ অভিযান চলি থাকিব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|