Rahul Bhatt Murder: বৃহস্পতিবাৰে সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ বাদগামৰ চাদুৰাৰ তহচিলদাৰৰ কাৰ্যালয়ত প্ৰৱেশ কৰি ৰাহুল ভট্টক গুলীয়াই হত্যা কৰিছিল।
Rahul Bhatt Murder: বৃহস্পতিবাৰে সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ বাদগামৰ চাদুৰাৰ তহচিলদাৰৰ কাৰ্যালয়ত প্ৰৱেশ কৰি ৰাহুল ভট্টক গুলীয়াই হত্যা কৰিছিল।
শুকুৰবাৰে জম্মু-কাশ্মীৰৰ বান্দিপোৰাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হৈছিল এনকাউণ্টাৰ। এই সংঘৰ্ষত সুৰক্ষা বাহিনীয়ে দুজন সন্ত্ৰাসবাদীক নিহত কৰে। সূত্ৰ অনুসৰি, বাদগামত কাশ্মীৰী পণ্ডিত ৰাহুল ভট্টৰ হত্যা (Rahul Bhatt Murder)ৰ সৈতে জড়িত আছিল সেনাৰ গুলীত নিহতো হোৱা সন্ত্ৰাসবাদী দুটা। নিহত সন্ত্ৰাসবাদী দুটা পাকিস্তানৰ ফৈজল ওৰফে সিকন্দৰ আৰু আবু উকাছা বুলি চিনাক্ত কৰা হৈছে।
বৃহস্পতিবাৰে সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ বাদগামৰ চাদুৰাৰ তহচিলদাৰৰ কাৰ্যালয়ত প্ৰৱেশ কৰি ৰাহুল ভট্টক গুলীয়াই হত্যা কৰিছিল। ঘটনাটোৰ পিছতে সন্ত্ৰাসবাদীকেইটা পলাই গৈছিল। ৰাহুলক আঘাতপ্ৰাপ্ত অৱস্থাত শ্ৰীনগৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল য'ত চিকিৎসাৰ সময়ত ৰাহুল ভট্টৰ মৃত্যু হৈছিল।
ৰাহুল ভট্টৰ বয়স আছিল ৩৫ বছৰ আৰু প্ৰবাসী পণ্ডিতসকলৰ নিযুক্তিৰ বাবে দিয়া বিশেষ পেকেজৰ অধীনত তহচিলদাৰৰ কাৰ্যালয়ত নিযুক্তি দিয়া হৈছিল। সন্ধিয়াৰ সময়ত সন্ত্ৰাসবাদীকেইটাই কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু ভট্টক গুলীয়াই হত্যা কৰে। ঘটনাটোৰ সময়ত কাৰ্যালয়ৰ সকলো কৰ্মচাৰী উপস্থিত আছিল।
তথ্য অনুসৰি, ফৈজলৰ সহযোগী হায়দৰ ৭ মে'ত সংঘৰ্ষত নিহত হৈছিল। ইয়াৰ পিছত, ফৈজল বাদগামলৈ যায় আৰু ইয়াত তেওঁ উকাচাক লগ পায়। বৃহস্পতিবাৰে দুয়োজনে তহচিল চৌহদত প্ৰৱেশ কৰে আৰু ৰাহুল ভট্টক হত্যা কৰে আৰু তাৰ পৰা পলাই যায় আৰু বান্দিপোৰালৈ যায়। এই সময়ছোৱাত সুৰক্ষা বাহিনীয়ে তেওঁলোকক অনুসৰণ কৰি আছিল। শুক্ৰবাৰে তেওঁলোকৰ অৱস্থান গম পোৱাৰ লগে লগে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে আৰু এনকাউণ্টাৰত সন্ত্ৰাসবাদী দুজনক ধৰাশায়ী কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|