உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Kashmir Actor Killed: কাশ্মীৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে অভিনেত্ৰীক, আহত কণমানি ভতিজা

    Kashmir Actor Killed: কাশ্মীৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে অভিনেত্ৰীক, আহত কণমানি ভতিজা

    Kashmir Actor Killed: সন্ধিয়া প্ৰায় ৭.৫৫ বজাত ঘৰৰ বাহিৰত গুলীয়াই হত্যা কৰা হয় আমৰীন ভাট (Amreen Bhat) নামৰ যুৱতীগৰাকীক।

    Kashmir Actor Killed: সন্ধিয়া প্ৰায় ৭.৫৫ বজাত ঘৰৰ বাহিৰত গুলীয়াই হত্যা কৰা হয় আমৰীন ভাট (Amreen Bhat) নামৰ যুৱতীগৰাকীক।

    Kashmir Actor Killed: সন্ধিয়া প্ৰায় ৭.৫৫ বজাত ঘৰৰ বাহিৰত গুলীয়াই হত্যা কৰা হয় আমৰীন ভাট (Amreen Bhat) নামৰ যুৱতীগৰাকীক।

    • Share this:
    বুধবাৰে সন্ধিয়া মধ্য কাশ্মীৰ (Kashmir)ৰ বাডগাম জিলাৰ চাদুৰাৰ হিছৰু অঞ্চলত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰি এগৰাকী টেলিভিছন অভিনেত্ৰীক হত্যা কৰাৰ লগতে  এই আক্ৰমণত তেওঁৰ ভতিজাক আহত হয়। সন্ধিয়া প্ৰায় ৭.৫৫ বজাত ঘৰৰ বাহিৰত গুলীয়াই হত্যা কৰা হয় আমৰীন ভাট (Amreen Bhat) নামৰ অভিনেত্ৰীগৰাকীক।

    আমৰীনৰ কণমানি ১০ বছৰীয়া ভতিজাকৰ বাহুত গুলী লাগি আঘাতপ্ৰাপ্ত হয় যদিও তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

    এই আক্ৰমণৰ আঁৰত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তইবা (Lashkar-E-Taiba) জড়িত আছে বুলি জম্মু-কাশ্মীৰ আৰক্ষী (Jammu and Kashmir Police)য়ে সন্দেহ কৰিছে।

    টিকটক (TikTok)তো ভিডিঅ’ আপলোড কৰা আঘাতপ্ৰাপ্ত অমৰীনক ততাতৈয়াকৈ ওচৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় য’ত তেওঁ মৃত্যুমুখত পৰে।

    নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন LeT ৰ তিনিটা সন্ত্ৰাসবাদী জড়িত আছিল এই জঘন্য সন্ত্ৰাসবাদী কাণ্ডত। এলেকাটো ঘেৰাও কৰি তালাচী আৰম্ভ কৰা হৈছে। গোচৰ পঞ্জীয়ন কৰা আৰু তদন্ত কৰা হৈছে।

    শ্ৰীনগৰ (Srinagar)ৰ আঞ্চাৰ অঞ্চলত এজন আৰক্ষী কনিষ্টবলৰ ঘৰত গুলীয়াই হত্যা কৰাৰ এদিন পিছতে এই ঘটনা সংঘটিত হৈছে।
    Published by:Manjumoni Borah
    First published: