Yasin Malik Life Imprisonment: য়াছিন মালিকক IPCৰ ধাৰা ১২১ (ভাৰতৰ বিৰুদ্ধে যুদ্ধ চলোৱা) আৰু UAPAৰ ১৭ ধাৰা ( সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ কৰা)ৰ অভিযোগত NIA আদালতে আজীৱন কাৰাদণ্ডৰ ৰায় দিয়ে।
Yasin Malik Life Imprisonment: য়াছিন মালিকক IPCৰ ধাৰা ১২১ (ভাৰতৰ বিৰুদ্ধে যুদ্ধ চলোৱা) আৰু UAPAৰ ১৭ ধাৰা ( সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ কৰা)ৰ অভিযোগত NIA আদালতে আজীৱন কাৰাদণ্ডৰ ৰায় দিয়ে।
কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিক (Yasin Malik)ক বুধবাৰে দিল্লীৰ আদালতে সন্ত্ৰাসবাদীক পুঁজি যোগানৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ইয়াৰ পূৰ্বে মালিকে তেওঁৰ বিৰুদ্ধে উত্থআপিত সকলো অভিযোগকে ধৰি অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (Unlawful Activities Prevention Act (UAPA)ৰ অধীনৰ গোচৰত থকা সকলো অভিযোগ স্বীকাৰ কৰিছিল। IPCৰ ধাৰা ১২১ (ভাৰতৰ বিৰুদ্ধে যুদ্ধ চলোৱা) আৰু UAPAৰ ১৭ ধাৰা ( সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ কৰা)ৰ অভিযোগত NIA আদালতে আজীৱন কাৰাদণ্ডৰ ৰায় দিয়ে।
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)ই বিচ্ছিন্নতাবাদী নেতাগৰাকীৰ মৃত্যুদণ্ড (Death Penalty) বিচাৰিছিল।
মালিকক ১০ লাখতকৈ অধিক জৰিমনা বিহাৰ লগতে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বিভিন্ন ধাৰাত আদালতে পৃথকে বিভিন্ন পৰিমাণৰ জৰিমনা আৰোপ কৰে।
উল্লেখ্য যে য়াছিন মালিকৰ বিৰুদ্ধে বায়ুসেনাৰ বিষয়াক হত্যাৰ আন এক গোচৰ চলি আছে। বৰ্তমান মালিকক তিহাৰ জেইলত ৰখা হ'ব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|