কাশ্মীৰৰ আইজি বিজয় কুমাৰে সোমবাৰে কয় যে শ্ৰীনগৰ আৰক্ষীয়ে সন্ত্ৰাসবাদী সংগঠন লস্কৰ–ই–তৈবা/TRFৰ সৈতে জড়িত দুই হাইব্ৰিড সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে।
কাশ্মীৰৰ আইজি বিজয় কুমাৰে সোমবাৰে কয় যে শ্ৰীনগৰ আৰক্ষীয়ে সন্ত্ৰাসবাদী সংগঠন লস্কৰ–ই–তৈবা/TRFৰ সৈতে জড়িত দুই হাইব্ৰিড সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে।
জম্মু–কাশ্মীৰত আৰক্ষীয়ে দুই স্থানীয় লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ হৈছে। আৰক্ষৰ মতে, এই দুজন হাইব্ৰিড সন্ত্ৰাসবাদী, যাৰ লস্কৰ–ই–তৈবাৰ সৈতে সম্পৰ্ক আছে। সংবাদ প্ৰতিষ্ঠান পিটিআইৰ মতে, হাইব্ৰিড সন্ত্ৰাসবাদী মানে হ’ল, যি আৰক্ষীৰ ৰেকৰ্ডত সন্ত্ৰাসবাদী হিচাপে নাথাকে কিন্তু তেওঁলোকক এনেকুৱাকৈ বনোৱা হয় যিয়ে যিকোনো কাম কৰিবলৈ সাজু হয়। সন্ত্ৰাসবাদী সংগঠনে এওঁলোকক আক্ৰমণত ব্যৱহাৰ কৰে। এওঁলোকে কূটাঘাত সংঘটিত কৰে, আৰু তাৰ পিছত সাধাৰণ জীৱন যাপন কৰে। ইয়াৰ ফলত এওঁলোকৰ ওপৰত সন্দেহ কৰা নহয়।
কাশ্মীৰৰ আইজি বিজয় কুমাৰে সোমবাৰে কয় যে শ্ৰীনগৰ আৰক্ষীয়ে সন্ত্ৰাসবাদী সংগঠন লস্কৰ–ই–তৈবা/TRFৰ সৈতে জড়িত দুই হাইব্ৰিড সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ পৰা ১৫টা পিষ্টল, ২০টা মেগজিন, ৩০০ জাঁই গুলী আৰু এটা চাইলেঞ্চাৰ জব্দ কৰা হৈছে। উল্লেখযোগ্য যে টিআৰএফো লস্কৰ–ই–তৈবাৰ এক সহযোগী সংগঠন। এই সন্ত্ৰাসবাদী দুটাক গ্ৰেপ্তাৰৰ ঘটনা এক ডাঙৰ সফলতা বুলি কয় আইজি কুমাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|