உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Bribe For Visa: কাৰ্তি চিদাম্বৰমে ২৫০ গৰাকী চীনা নাগৰিকক ভিছা দিয়াৰ নামত লৈছিল ৫০ লাখ, কি আছিল ঘটনাটো

    Bribe For Visa: কাৰ্তি চিদাম্বৰমে ২৫০ গৰাকী চীনা নাগৰিকক ভিছা দিয়াৰ নামত লৈছিল ৫০ লাখ, কি আছিল ঘটনাটো

    চীনা পেছাদাৰী শ্ৰমিকসকলক এই কুটিল ভিছাৰ অনুমোদন গৃহ মন্ত্ৰালয়ে আবেদন কৰাৰ একে মাহতে দিছিল।

    চীনা পেছাদাৰী শ্ৰমিকসকলক এই কুটিল ভিছাৰ অনুমোদন গৃহ মন্ত্ৰালয়ে আবেদন কৰাৰ একে মাহতে দিছিল।

    চীনা পেছাদাৰী শ্ৰমিকসকলক এই কুটিল ভিছাৰ অনুমোদন গৃহ মন্ত্ৰালয়ে আবেদন কৰাৰ একে মাহতে দিছিল।

    • Share this:
    কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ কাৰ্তি চিদাম্বৰমৰ বিৰুদ্ধে চিবিআয়ে নতুন গোচৰ ৰুজু কৰিছে। প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমৰ ওপৰত অভিযোগ উত্থাপন হৈছে যে ২৫০ গৰাকী চীনা নাগৰিকক  অবৈধ প্ৰক্ৰিয়াৰে ভাৰতত প্ৰৱেশ কৰোৱাৰ নামত ৫০ লাখ টকা উপঢৌকন লৈছিল।

    ঘটনা অনুসৰি, ১৯৮০ চনত পঞ্জাৱৰ মানচাত তালৱান্দি চাবো শক্তি প্ৰকল্পই এটা থাৰ্মেল প্ৰকল্পৰ কাম চলাই আছিল। এই প্ৰতিষ্ঠানটোৰ আউটচোৰ্ছিং আছিল শ্যানডং ইলেকট্ৰিক পাৱাৰ কনষ্ট্ৰাকচন কৰ্প (SEPCO) নামৰ এটা চীনা কোম্পানী।

    প্ৰকল্পটো নিৰ্ধাৰিত সময়তকৈ বহুখিনি লেহেম গতিত চলি থকাত বিলম্বৰ বাবে শাস্তিমূলক ব্যৱস্থাৰ পৰা ৰেহাই পাবলৈ তালৱান্দি চাবো পাৱাৰ লিমিটেডে সেই স্থানত অধিকসংখ্যক চীনা পেছাদাৰী শ্ৰমিক আনিবলৈ চেষ্টা কৰি আছিল।

    ইয়াৰ বাবে গৃহ মন্ত্ৰালয়ৰ দ্বাৰা আৰোপ কৰা সীমাৰ উপৰি প্ৰকল্প ভিছাৰ প্ৰয়োজন আছিল। সেয়েহে কোম্পানীটোৱে কাৰ্তি চিদাম্বৰমৰ (Congress MP Karti Chidambaram) সৈতে যোগাযোগ স্থাপন কৰে। কাৰ্তিয়ে চীনা কোম্পানীৰ শ্ৰমিকসকলক অনাৰ বাবে ২৬৩টা প্ৰকল্প ভিছাৰ পুনৰ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰে। এই কাৰ্যৰে তেওঁ ভিছাৰ ক্ষেত্ৰত গৃহ মন্ত্ৰালয়ে আৰোপ কৰা সৰ্বোচ্চ সীমা লংঘন কৰাৰ লগতে অবৈধ পথ প্ৰস্তুত কৰিছিল।

    চীনা পেছাদাৰী শ্ৰমিকসকলক এই কুটিল ভিছাৰ অনুমোদন গৃহ মন্ত্ৰালয়ে আবেদন কৰাৰ একে মাহতে দিছিল। এই কামৰ বাবে কাৰ্তি চিদাম্বৰমক এটা কোম্পানীৰ মিছা চালানৰ জৰিয়তে কোটি কোটি টকা পৰিশোধ কৰা হৈছিল। এই ঘটনা ২০১০-২০১৪ চনৰ ভিতৰত কৰা হৈছিল, যেতিয়া শাসনত আছিল ইউ পি এ চৰকাৰ।
    Published by:Gautam Barman
    First published: