কৰতাৰপুৰ কৰিড’ৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জনালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক

News18-Assam
Updated:November 9, 2019, 1:21 PM IST
কৰতাৰপুৰ কৰিড’ৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জনালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক
কাৰতাৰপুৰ কৰিড’ৰ উদঘাটন অনুষ্ঠানত ভাগ ল’বলৈ শনিবাৰে প্ৰধানমন্ত্ৰী নৰন্দ্ৰ মোদী উপস্থিত হয় পঞ্জাৱৰ গুৰদ্বাসপুৰত

কাৰতাৰপুৰ কৰিড’ৰ উদঘাটন অনুষ্ঠানত ভাগ ল’বলৈ শনিবাৰে প্ৰধানমন্ত্ৰী নৰন্দ্ৰ মোদী উপস্থিত হয় পঞ্জাৱৰ গুৰদ্বাসপুৰত

  • Share this:
কাৰতাৰপুৰ কৰিড’ৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে  ধন্যবাদ জনাই ইমৰাণ খানক। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, পাকিস্তান চৰকাৰে ভাৰতীয় শিখ ভক্ত সকলৰ অনুভূতিক বুজি পালে।

কাৰতাৰপুৰ কৰিড’ৰ উদঘাটন অনুষ্ঠানত ভাগ ল’বলৈ শনিবাৰে প্ৰধানমন্ত্ৰী নৰন্দ্ৰ মোদী উপস্থিত হয় পঞ্জাৱৰ গুৰদ্বাসপুৰৰ দেৰা বানা নানকত।  অনুষ্ঠিত হোৱা সভাত প্ৰধানমন্ত্ৰী মোদীয়ে গুৰু নানকৰ দেশৰ প্ৰতি অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে।

সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে,  ‘কৰতাৰপুৰ কৰিড’ৰ নিৰ্মাণৰ পিছত এতিয়া গুৰুদ্বাৰ দৰ্শনত সহায় হ’ব জনসাধাৰণৰ। মই পঞ্জাৱ চৰকাৰক ধন্যবাদ জনাইছো। লগতে মই পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানকো বিশেষ ভাবে ধন্যবাদ জনাইছো। তেওঁ ভাৰতীয় শিখ ভক্ত সকলৰ অনুভূতিক শ্ৰদ্ধা কৰিছে, বুজি পাইছে।’ সভাত উপস্থিত থাকে গুৰুদ্বাসপুৰ সমষ্টিৰ সাংসদ তথা অভিনেতা ছানী দেউল।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading