চলি আছিল শেষকৃত্যৰ প্ৰস্তুতি, হঠাৎ ধহমহাই উঠি বহিল ‘মৃতা’ মহিলা, সুস্থ হৈ কাঢ়িলে খোজ

প্ৰতীকাত্মক ছবি
কৰ্ণাটকৰ বেলাগাভিৰ মুচাণ্ডি গাঁৱত সংঘটিত হৈছে এই ঘটনা।
- News18 Assam
- Last Updated: January 11, 2020, 7:00 PM IST
ঘনে ঘনে জ্বৰত আক্ৰান্ত হৈছিল মালু। স্থানীয় এখন চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱাৰ পিছত বুধবাৰে পিছবেলা মালুৰ পৰিয়ালৰ সদস্যসকলক হাস্পতালৰ ফালৰ পৰা মালুৰ মৃত্যুৰ কথা কোৱা হয়। মৃতদেহ ঘৰলৈ অনাৰ পিছত পৰিয়ালে শেষকৃত্যৰ আয়োজন কৰাৰ সময়তে মালুৱে উঠি বহাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।
হাস্পতাল কৰ্তৃপক্ষই অৱশ্যে জনায়, মালু ইয়ালাপ্পা চৌগুলক হাস্পতালৰ পৰা এৰি দিয়া হৈছিল পৰিয়ালৰ অনুৰোধত। হাস্পতালত ভৰ্তি থকা সময়ত মালুৰ মৃত্যু হোৱা নাছিল।