কৰ্ণাটক শিক্ষা বিভাগৰ আজৱ কাণ্ড! ৰাজ্যখনত হ’বলগীয়া কৰ্ণাটক শিক্ষক ভৰ্তি পৰীক্ষা (Karnataka TET)ৰ এডমিট কাৰ্ড জাৰি কৰা হৈছে। য’ত সংঘটিত হৈছে এক ডাঙৰ খেলিমেলি। INC কৰ্ণাটকৰ অধ্যক্ষ বি আৰ নাইডুৱে টুইটাৰত সদৰি কৰিছে যে এজন প্ৰাৰ্থীৰ পৰীক্ষাৰ এডমিট কাৰ্ডত অভিনেত্ৰী ছানী লিয়নীৰ আপত্তিজনক ফটো লাগি আহিছে।
তেওঁ টুইটাৰত কয়, ‘শিক্ষকৰ ভৰ্তিৰ বাবে এডমিট কাৰ্ডত প্ৰাৰ্থীৰ সলনি ছানী লিয়নীৰ আপত্তিজনক ফটো প্ৰকাশিত হৈছে। সদনত বেয়া ছবি চোৱা পাৰ্টীৰ পৰা ইয়াতকৈ কি আশা কৰিব পাৰি?’
আনহাতে, এই সন্দৰ্ভত বিভাগৰ ফালৰ পৰা জাৰি কৰা বিবৃতিত কোৱা হৈছে, ‘প্ৰাৰ্থীয়ে নিজৰ ফটো নিজেই আপলোড কৰিব লাগে। ষিষ্টেম ফাইলত যি ফটো সংলগ্ন কৰা হয় সেয়াই ছিষ্টেমত আপলোড হয়। যেতিয়া প্ৰাৰ্থীগৰাকীৰ সোধা হয় যে তেওঁ ছানী লিয়নীৰ ফটো লগাইছিল নেকি, তেতিয়া তেওঁ কয় যে তেওঁৰ স্বামীৰ বন্ধৱে তেওঁৰ তথ্যসমূহ আপলোড কৰিছিল। বিভাগে এই সন্দৰ্ভত এফ আই আৰ দাখিল কৰিছে আৰু ঘটনাৰ তদন্ত অব্যাহত আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|