ঋতিশা নামৰ এগৰাকী কণমানি ছোৱালীয়ে নিজৰ স্বৰ্গীয় মাতৃৰ স্মৃতি জড়িত থকা ফোন বিচাৰি দিবলৈ কৰা আবেদনৰ প্ৰতি সঁহাৰি জনালে কৰ্ণাটক আৰক্ষীয়ে। কৰ্ণাটকৰ কোডাগু জিলা আৰক্ষীয়ে ফোনটো বিচাৰি ছোৱালীজনীক উভতাই দিয়ে।
মাৰ্চ মাহত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল ঋতিশাৰ মাতৃয়ে। হাস্পতাল কৰ্তৃপক্ষই মাতৃয়ে লগত লৈ যোৱা সকলো বস্তু ঘূৰাই দিছিল যদিও মোবাইল ফোনটো ঘূৰাই দিয়া নাছিল।
মদিকেৰীৰ আৰক্ষী অধীক্ষক ক্ষমা মিশ্ৰাই বৃহস্পতিবাৰে কাৰ্যালয়লৈ মাতি আনি এটা চকলেট বাৰৰ সৈতে ঋতিশাক ফোনটো ঘূৰাই দিয়ে। পৰিয়ালৰ লোকে ম'বাইলটো চিনাক্ত কৰিছিল আৰু আইএমইআই নম্বৰৰ জৰিয়তে নিশ্চিত কৰা হৈছিল। ইনবিল্ট ষ্টোৰেজৰ সকলো ডাটা আৰু ফটো এতিয়াও অক্ষত আছে।
'আমি সুখী যে ম'বাইল ফোনটো বিচাৰি দিয়াৰ লগতে ঘূৰাই দিব পাৰিলো।' এনেদৰে কয়, এছ পি ক্ষমা মিশ্ৰাই। 'চেল ফোনটোত ছোৱালীজনীৰ মাকৰ স্মৃতি আছে। ফোনটো লাভ কৰাৰ পিছত ঋতিশাই কয় য়ে, 'এদিন নহয় এদিন মাকৰ হেৰুওৱা ফোনটো ঘূৰাই পাব বুলি বিশ্বাস ৰাখিছিলো। মোৰ দেউতাই আজি কালি মোক বিশ্বাস নকৰা হ'ল। মোৰ মাৰ ফটো, মোৰ অনলাইন ক্লাচৰ সকলো ডাটা এতিয়াও ফোটনটোত সুৰক্ষিত ৰূপত আছে।'
আৰক্ষীয়ে কৈছে যে, চিকিৎসালয়ৰ কৰ্মচাৰীসকলৰ ষ্টোৰ ৰুমৰ সন্মুখত মোবাইল ফোনটো বিচাৰি পাইছিল। ঋতিশাই কোডাগুৰ উপায়ুক্ত চাৰুলাতা সোমল, প্ৰাক্তন মন্ত্ৰী তথা বিজেপি বিধায়ক কে কেজিওপাইয়া আৰু আপাচু ৰঞ্জনলৈ এই সন্দৰ্ভত পত্ৰ লিখিছিল। আৰু লগতে কোডাগু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ (কেএমএছ) কৰ্মচাৰীসকললৈ তেওঁৰ মাতৃৰ মোবাইল ফোন বিচাৰি উলিওৱাত সহায় কৰিবলৈ পত্ৰ লিখিছিল।
Published by: Himangshu Bhuyan
First published: August 20, 2021, 18:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|