মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»ক'ভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে কৰ্ণাটকৰ পৰা দিল্লী অভিমুখে যোৱা চিকিৎসকৰ দলক বিশেষ কৃতজ্ঞতা যাচিলে এয়াৰলাইনৰ কৰ্মচাৰীয়ে...

ক'ভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে কৰ্ণাটকৰ পৰা দিল্লী অভিমুখে যোৱা চিকিৎসকৰ দলক বিশেষ কৃতজ্ঞতা যাচিলে এয়াৰলাইনৰ কৰ্মচাৰীয়ে...

News18 Assam | News18-Assam
Updated:May 8, 2021, 10:19 AM IST
ক'ভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে কৰ্ণাটকৰ পৰা দিল্লী অভিমুখে যোৱা চিকিৎসকৰ দলক বিশেষ কৃতজ্ঞতা যাচিলে এয়াৰলাইনৰ কৰ্মচাৰীয়ে...
image- twitter

এয়াৰলাইনছ কোম্পানী এটাই বিভিন্ন চিকিৎসালয়ত সহায় কৰিবলৈ মাংগালোৰ আৰু মণিপালৰ পৰা দিল্লীলৈ উৰা মৰা চিকিৎসা দলৰ সদস্যসকলক বিশেষ কৃতজ্ঞতা জনোৱাৰ সিদ্ধান্ত লয়।

  • Share this:
এই সত্যটো অস্বীকাৰ কৰিব নোৱাৰি যে চিকিৎসক, নাৰ্ছ আৰু অন্যান্য চিকিৎসা সহায়ক কৰ্মচাৰীৰ প্ৰচেষ্টাই আমাক দেশত কোভিড-১৯ ৰ দ্বিতীয় ঢৌ প্ৰতিহত কৰাৰ বাবে প্ৰয়োজনীয় আশা প্ৰদান কৰিছে। তেওঁলোকে কঠিন পৰিস্থিতি আৰু সংক্ৰমণৰ বিপদাশংকা নেওচি দীঘলীয়া সময় কাম কৰিছে, যাৰ ফলত হাজাৰ হাজাৰ ৰোগীৰ জীৱন ৰক্ষা হৈছে। এই মাৰাত্মক মহামাৰীৰ নিয়ন্ত্ৰণৰ বাবে তেওঁলোকৰ সেৱাক প্ৰশংসা কৰাৰ বাবে, এয়াৰলাইনছ কোম্পানী এটাই বিভিন্ন চিকিৎসালয়ত সহায় কৰিবলৈ মাংগালোৰ আৰু মণিপালৰ পৰা দিল্লীলৈ উৰা মৰা চিকিৎসা দলৰ সদস্যসকলক বিশেষ কৃতজ্ঞতা জনোৱাৰ সিদ্ধান্ত লয়।

ইণ্ডিগো এয়াৰলাইনছ (Indigo Airlines)ৰ দলটোৱে থিয় হৈ চিকিৎসা কৰ্মচাৰীৰ এই দলটোক তেওঁলোকৰ বিমানৰ দিশে অগ্ৰসৰ হওঁতে হাত চাপৰি বজাই স্বাগতম জনাইছিল। পেটিএমৰ মুৰব্বী বিজয় শেখৰ শৰ্মাকে ধৰি বহুতো টুইটাৰ ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ টাইমলাইনত এয়াৰলাইন কৰ্মচাৰীসকলৰ এই কৃতজ্ঞতা প্ৰদৰ্শনৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। ভিডিঅ'টো ২ লাখতকৈও অধিক ভিউজ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ভাইৰেল হৈ পৰিছে আৰু টুইটাৰত বহুতো প্ৰতিক্ৰিয়া লাভ কৰিছে।



বহুতো ব্যৱহাৰকাৰীয়ে এই কঠিন সময়ত এই কৃতজ্ঞতা আৰু চিকিৎসা কৰ্মচাৰীৰ কামৰ প্ৰশংসা কৰিছিল। ভিডিঅ'টোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "আৱেগিক অনুভৱ কৰিছিলো। এই দৃশ্য যুদ্ধলৈ যাবলৈ ওলোৱা আমাৰ সৈন্যসকলে তেওঁলোকৰ ঘৰ এৰি যোৱাতকৈ কম নহয়। এইসকল যুৱক-যুৱতী প্ৰশংসাৰ যোগ্য। "

ক’ৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৰ দ্বাৰা সমগ্ৰ দেশ কঠোৰ ভাৱে আঘাত প্ৰাপ্ত হৈছে। যদিও আমি কোভিড-১৯ সংক্ৰমণৰ প্ৰথম ঢৌৰ প্ৰভাৱ সীমিত কৰিবলৈ সক্ষম হৈছিলো, দ্বিতীয় তৰংগটো নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছে। আমি প্ৰতিদিনে সংক্ৰমণৰ সংখ্যাৰ সৰ্বাধিক বৃদ্ধি দেখিছো। ভাৰতে আজি ৪.১ লাখৰো অধিক ঘটনাৰ প্ৰতিবেদন দিছে যি এতিয়ালৈকে সৰ্বাধিক। বিগত ২৪ ঘণ্টাত ৪ হাজাৰৰো অধিক লোক এই ভাইৰাছৰ দ্বাৰা মৃত্যুমুখত পৰিছিল। ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ, দেশৰ বহুতো অংশত আংশিক বা সম্পূৰ্ণ লকডাউন দিয়া হৈছে। এই কঠিন কামৰ অৱস্থাৰ স্বত্বেও আমাৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে জীৱন ৰক্ষা কৰাৰ বাবে সম্পূৰ্ণ চেষ্টা কৰি আছে আৰু আমি তেওঁলোকৰ ওচৰত সদায় কৃতজ্ঞ।
Published by: Kokil Sarma
First published: May 8, 2021, 10:17 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি