বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ বাজেট অধিৱেশন। তাৰ মাজতে এতিয়া অস্বস্তিত পৰিছে কৰ্ণাটকৰ য়েদুৰাপ্পা চৰকাৰ। ৰাজ্যখনৰ জলসম্পদ মন্ত্ৰী ৰমেশ জাৰকোহলীৰ সৈতে এগৰাকী মহিলাৰ এক গোপন ভিডিও ভাইৰেল হোৱাৰ অভিযোগ উঠিছে। কেৱল ইমানেই নহয়, নিউজ চেনেলৰ প্ৰচাৰ হৈছে ভিডিও। কিন্তু মন্ত্ৰী গৰাকীয়ে এই ছেক্স ভিডিওক ভুৱা আখ্যা দিছে। আনকি প্ৰমাণ কৰিব পাৰিলে ৰাজনীতি ত্যাগ কৰিব বুলিও মন্তব্য কৰিছে।
চেক্স ভিডিও পোহৰলৈ অহাৰ পিছতে মুখ খুলিবলৈ বাধ্য হ'ল মন্ত্ৰী ৰমেশ জাৰকিহেলী। তেওঁ কয় যে, 'এই ভিডিও ভুৱা। মহিলাগৰাকীৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। মই মাইচোড়ত আছিলো। এইগৰাকী মহিলাৰ সৈতে কোনো কোনো দিন কথা-বতৰাই হোৱা নাই। এই ভিডিও ভুৱা। এই কথা দলীয় হাইকামাণ্ডৰ আগত জনাম। মোৰ বিৰুদ্ধে এয়া ভয়ংকৰ অভিসন্ধি। অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছো।'
সৰ্বভাৰতীয় ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ অনুসৰি, আৰক্ষীয়ে এই পৰ্যন্ত ঘটনাৰ সন্দৰ্ভত এইআইআৰ দাখিল কৰা নাই। ডেপুটি কমিশ্যনাৰ এম এন অনুচেথে কৈছে যে, আৰক্ষীয়ে এই অভিযোগৰ সত্যতা বিচাৰ কৰিছে।
আনহাতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে ঘটনাৰ সন্দৰ্ভত দলীয় সদস্যৰ সৈতে বৈঠকত মিলিত হৈছে। খবৰ অনুসৰি, ৰমেশৰ পৰা সমগ্ৰ বিষয়টো জনাৰ পিছত তেওঁৰ ইস্তাফা দিবলৈ কোৱা হৈছে। প্ৰাথমিক শিক্ষামন্ত্ৰী সুৰেশ কুমাৰে জনাইছে যে, পাৰ্টীয়ে এই ঘটনাৰ ওপৰত নিজাববীয়া সিদ্ধান্ত ল'ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|