Hijab Ban: হিজাবৰ বিৰোধিতা কৰা একাংশ ছাত্ৰই জাতীয় পতাকাৰ ঠাইত গেৰুৱা ফতাকা লগোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে। এনে এক ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।
Hijab Ban: হিজাবৰ বিৰোধিতা কৰা একাংশ ছাত্ৰই জাতীয় পতাকাৰ ঠাইত গেৰুৱা ফতাকা লগোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে। এনে এক ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।
বিদ্যালয়ত হিজাব (Hijab) পৰিধান কৰাক লৈ দেশ উত্তাল হৈ পৰিছে। কৰ্ণাটকৰ (Karnatak) এখন বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই বিতৰ্ক শেহতীয়াকৈ ইমান তীব্ৰ হৈ পৰিছে যে হিজাবৰ বিৰোধিতা কৰা একাংশ ছাত্ৰই জাতীয় পতাকাৰ ঠাইত গেৰুৱা পতাকা (Saffron Flag) লগোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে। এনে এক ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। আনহাতে কৰ্ণাটকৰ পিছতে মধ্যপ্ৰদেশ চৰকাৰেও বিদ্যালয়ত হিজাব পৰিধান কৰাত নিষেধাজ্ঞা (Hijab Ban) জাৰি কৰিছে।
কৰ্ণাটকৰ উডুপিত এখন মহাবিদ্যালয়ত হিজাব কলেজৰ ইউনিফৰ্মৰ পোছাক নহয় বুলি একাংশ ছাত্ৰীক শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিয়াৰ পিছৰে পৰা এই বিতৰ্কই দিনে দিনে বিষম ৰূপ ধাৰণ কৰিছে। হিজাব পৰিধান কৰা একাংশ ছাত্ৰীয়ে কৰ্ণাটক উচ্চ ন্যায়ালয় (Karnataka High Court)ত ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। আজি কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এক শুনানিৰ সময়তে আদালত চৌহদৰ বাহিৰত হিজাব পৰিধান কৰা আৰু গেৰুৱা শ্বল পৰিধান কৰা দুটা গোটৰ মাজত সংঘাতৰ সূত্ৰপাত হয় আৰু শিলাবৰ্ষণৰ ঘটনাও ঘটে। পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয়।
ইয়াৰ মাজতে শিমোগাত এজন কলেজ ছাত্ৰই জাতীয় পতাকা নমই গেৰুৱা পতাকা লগোৱ কাণ্ডই সকলোকে হতচকিত কৰিতুলিছে। তাৰ পিছতে আৰক্ষী প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে।
ইপিনে মধ্যপ্ৰদেশ (Madhyapradesh)ত এতিয়াৰে পৰা শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ হ'ব বুলি ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ইন্দৰ সিং পাৰৰমাৰে। তেওঁ কয় যে স্কুলত কেৱল ড্ৰেছ কোডহে চলিব, হিজাব নচলে। তেওঁ কয় যে হিজাবটো বিষয় নহয়, বিষয় হৈছে গণবেশ বা ইউনিফৰ্ম, যিটো বিদ্যালয়ত অনুশাসন আৰু সমতাৰ সৈতে জড়িত। গণবেশ সকলোৰে বাবে একে আৰু হিজাবৰ প্ৰসংগ টানি আনি একাংশই বিষয়টো সম্প্ৰদায় বিশেষৰ ৰূপ দিব বিচাৰিছে, যিটো উচিত নহয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|