உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Marital Rape: ধৰ্ষণ মানে ধৰ্ষণেই! বিয়া পতা মানেই পত্নীৰ ওপৰত অত্যাচাৰৰ লাইচেন্স নহয়- কৰ্ণাটক উচ্চ ন্যায়ালয়

    Marital Rape: ধৰ্ষণ মানে ধৰ্ষণেই! বিয়া পতা মানেই পত্নীৰ ওপৰত অত্যাচাৰৰ লাইচেন্স নহয়- কৰ্ণাটক উচ্চ ন্যায়ালয়

    সাংকেতিক ছবি

    সাংকেতিক ছবি

    আদালতে কয় যে বিবাহে কোনো লোকক জন্তুৰ দৰে হিংস্ৰ বা নিষ্ঠুৰ আচৰণ কৰাৰ লাইচেন্স নিদিয়ে।

    • Share this:
    বিবাহভুক্ত ধৰ্ষণ (Marital rape)ক লৈ সমগ্ৰ দেশত বিতৰ্ক চলি থকাৰ মাজতে আজি কৰ্ণাটক উচ্চ ন্যায়ালয়ে (Karnatka High court) এক গুৰুত্বপূৰ্ণ ৰায় দান কৰে। এগৰাকী পত্নীয়ে স্বামীৰ বিৰুদ্ধে তৰা ধৰ্ষণৰ গোচৰ খাৰিজ কৰিবলৈ জনোৱা আবেদন এখন আজি নাকচ কৰে ন্যায়ালয়ে।

    আদালতে নিজৰ ৰায়ত কয় যে কোনো মহিলাৰ ইচ্ছাৰ বিৰুদ্ধে হোৱা বৰ্বৰতা বা যি কোনো দুষ্কাৰ্য ধৰ্ষণ (rape) বুলিয়েই গণ্য কৰা হ'ব, লাগিলে সেই লোকজন মহিলাগৰাকীৰ স্বমীয়েই নহওক কিয়। ইয়াৰ বাবে আইনত থকা শিথিলতা সম্পূৰ্ণ নহয় আৰু কেৱল পৰিস্থিতি আৰু তথ্যৰ ওপৰত আধাৰ কৰিহে স্বামীয়ে ৰেহাই পাব পাৰে। অন্যথা ইয়াৰ দ্বাৰা সাধাৰণ লোকক অপৰাধৰ বাবে লাইচেন্স দি দিয়াৰ দৰে হ'ব। আদালতে কয় যে বিবাহে কোনো লোকক জন্তুৰ দৰে হিংস্ৰ বা নিষ্ঠুৰ আচৰণ কৰাৰ লাইচেন্স নিদিয়ে।

    উল্লেখ্য যে ২০১৭ চনৰ ২১ মাৰ্চত পতিৰ বিৰুদ্ধে পত্নীয়ে ধৰ্ষণৰ গোচৰ তৰিছিল। বিশেষ আদালতে পতিৰ বিৰুদ্ধে বিবাহভুক্ত ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। কিন্তু আইপিচিৰ ধাৰা ৩৭৫ৰ একচেপচন ২ৰ অধীনত এয়া এক বিবাহভুক্ত ৰেপ আৰু ইয়াত পতিগৰাকীৰ কোনো শাস্তি নহ. বুলি যুক্তি দৰ্শাই গোচৰটো খাৰিজ কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল পতিগৰাকীৰ উকীলে। কিন্তু ন্যায়ালয়ে এই ৰেহাই পূৰ্ণ ৰেহাই নহয় বুলি পতিজনৰ আবেদন নাকচ কৰে।
    Published by:Manjumoni Borah
    First published: