কৰ্ণাটক উচ্চ ন্যায়ালয়ে স্পষ্টকৈ জনালে যে, কমপিটিশ্যন কমিশ্যন অৱ ইণ্ডিয়াই Amazon আৰু Flipkart-ৰ অসাধু ব্যৱসায়নীতিৰ বিৰুদ্ধে তদন্ত কৰিব পাৰিব।
কৰ্ণাটক উচ্চ ন্যায়ালয়ে স্পষ্টকৈ জনালে যে, কমপিটিশ্যন কমিশ্যন অৱ ইণ্ডিয়াই Amazon আৰু Flipkart-ৰ অসাধু ব্যৱসায়নীতিৰ বিৰুদ্ধে তদন্ত কৰিব পাৰিব।
Amazon, Flipkartৰ দৰে প্ৰতিষ্ঠিত ই-কমাৰ্ছ প্লেটফৰ্মৰ বিৰুদ্ধে কমপিটিশ্যন কমিশ্যন অৱ ইণ্ডিয়া, চমুকৈ CCI-ৰ গোচৰৰ আৰম্ভ হৈছিল যোৱা বছৰেই। এতিয়া এই গোচৰৰ ৰায় প্ৰদান কৰিলে দুই ই-কমাৰ্চ প্লেটফৰ্মৰ বিৰুদ্ধে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে স্পষ্টকৈ জনালে যে,
কমপিটিশ্যন কমিশ্যন অৱ ইণ্ডিয়াই Amazon আৰু Flipkart-ৰ অসাধু ব্যৱসায় নীতিৰ বিৰুদ্ধে তদন্ত কৰিব পাৰিব। শুকুৰবাৰে এই ৰায় প্ৰদান কৰে বিচাৰক পি এছ দীনেশ কুমাৰৰ বিচাৰপীঠে।
গোচৰৰ আৰম্ভ হৈছিল ১৮ মাহ পূৰ্বে Delhi Vyapar Mahasanghৰ এখন আবেদনৰ ভিত্তিত। লগতে কমপিটিশ্যন কমিশ্যন অৱ ইণ্ডিয়াৰ সৈতে যৌথ ভাবে এখন আবেদনো দাখিল কৰা হৈছিল। আৰু আবেদনৰ মূল বক্তব্য আছিল যে, ব্যৱসায়ৰ ক্ষেত্ৰত Amazon, Flipkart-ৰ দৰে ডাঙৰ ই-কমাৰ্চ প্ৰতিষ্ঠানসমূহে দেশৰ আইন মানি চলাৰ প্ৰয়োজনবোধ কৰা নাই। ভাৰতৰ বজাৰত একচেটিয়া আধিপত্য বিস্তাৰৰ লক্ষ্য লৈ অসাধু ব্যৱসায়ৰ এখন প্ৰতিযোগিতা আৰম্ভ কৰিছে।
Delhi Vyapar Mahasangh-ই এই সন্দৰ্ভত ২০১৯ৰ অক্টোবৰ মাহত জনাইছিল যে, দেশৰ বাণিজ্যিক নীতি অনুসৰি কোনো সামগ্ৰী কেৱল ই-কমাৰ্চ প্লেটফৰ্মত বিক্ৰী কৰিব নোৱাৰিব। কিন্তু ইলেকট্ৰিক সামগ্ৰী, বিশেষ কৈ স্মাৰ্টফোনৰ ক্ষেত্ৰত এই আইন সদায় উলংঘা কৰি আহিছে Amazon আৰু Flipkart-এ। কেৱল ইমানেই নহয়, বহু সামগ্ৰী দাম অস্বাভাৱিক ভাবে ইমানেই কমাই দিছে যে,ইয়াৰ ফলত দেশৰ ক্ষুদ্ৰ ব্যৱসায়ী ব্যাপক ভাবে লোকচানৰ সন্মুখীন হৈছে।
Amazon-এ এই মন্তব্যৰ বিৰোধিতা কৰি ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত কৰ্ণাটক হাই কোৰ্টত এখন আবেদন দাখিল কৰে। আৰু আবেদনৰ ভিত্তিত কৰ্ণাটক হাইকোৰ্টে কমপিটিশ্যন কমিশ্যন অৱ ইণ্ডিয়াক তদন্ত স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল। কিন্তু পৰিস্থিতি ক্ৰমশ জটিল হৈ গৈ থাকে। এই ক্ষেত্ৰত ED তদন্তৰ দাবী কৰে কনফেডাৰেশ্যন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্চে। আনকি বিষয়টোত হস্তক্ষেপ বিচাৰি ২০২০ৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোদীলৈয়ো প্ৰেৰণ কৰা হয় পত্ৰ।
শেহতীয়াকৈ কৰ্ণাটক হাই কোৰ্টে Flipkart-ৰ চিনিয়ৰ কাউন্সিলাৰ ইণ্টাৰিম অৰ্ডাৰ দুসপ্তাহ বৃদ্ধি কৰাৰ আবেদনো নাকচ কৰিছে। এই পৰিস্থিতিত Amazon আৰু Flipkart-ৰ হাতত এটাই পথ আছে যে, বিষয়টোক লৈ এইবাব তেওঁলোকে হাইকোৰ্ট বা ছুপ্ৰিম কোৰ্টৰ দুই বিচাৰকৰ বেঞ্চত আবেদন ৰাখিল কৰিব পাৰিব। গতিকে বৰ্তমান Amazon-এ এই কথাই কৈছে যে, তেওঁলোকে কৰ্ণাটক হাই কোৰ্টৰ ৰায় মানি লৈ বিষয়টোৰ সন্দৰ্বত পৰৱৰ্তী সিদ্ধান্ত ল'ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|