জনপ্ৰিয় ই-কমাৰ্চ কোম্পানী এমাজন (Amazon) আৰু ফ্লিপকাৰ্ট (Flipkart)ক মোক্ষম আঘাত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ । কম্পিটিছন কমিছন অফ ইণ্ডিয়াৰ তদন্তৰ বিৰুদ্ধে কৰা দুয়োটা কোম্পানীয়ে দাখিল কৰা ৰিট আৱেদন খাৰিজ কৰিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে । শুকুৰবাৰে এই সম্পৰ্কত শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে চিচিআই (CCI)ক আমাজন আৰু ফ্লিপকাৰ্টৰ অসাধু বাণিজ্যিক নীতিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সেউজ সংকেত প্ৰদান কৰে ।
লক্ষণীয় যে প্ৰায় ১৮ মাহ পূৰ্বে দিল্লীৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়িক মালিকসকলক প্ৰতিনিধিত্ব কৰা এটা গোট দিল্লী বেপাৰ মহাসংঘ (Delhi Vyapar Mahasangh)ই দেশৰ দুই বৃহৎ ই-কমাৰ্চ কোম্পানী এমাজন আৰু ফ্লিপকাৰ্টৰ বিৰুদ্ধে চিচিআই (CCI)ত আবেদন দাখিল কৰাৰ পিছতে এই গোচৰ আৰম্ভ হৈছিল, য'ত এমাজন আৰু ফ্লিপকাৰ্টৰ দৰে বৃহৎ ই-কমাৰ্চ কোম্পানীবোৰে ব্যৱসায়ৰ ক্ষেত্ৰত দেশৰ আইন পালন কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা–নকৰাৰ লগতে ভাৰতীয় বজাৰত আধিপত্য বিস্তাৰ কৰিবলৈ অসাধু বাণিজ্যিক প্ৰতিযোগিতা চক্ৰ গঢ়ি তুলিছে বুলি অভিযোগ তোলা হৈছিল।
লগতে সংবিধানৰ কম্পিটিছন আইনৰ অধীনত ধাৰা ৩ আৰু ৪ ৰ অধীনত এটা গোচৰো ৰুজু কৰা হৈছিল। আৰু এই গোচৰৰ বিৰোধিতাৰে ২০২০ৰ ডিচেম্বৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল কোম্পানী দুটাই । ইয়াৰ পিছতে চিচিআইক তদন্ত স্থগিত ৰখাৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে ।
উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশৰ বিচাৰপীঠৰ বিকল্প
আদালতে ফ্লিপকাৰ্টৰ জ্যেষ্ঠ অধিবক্তাৰ অন্তৰ্ৱৰ্তীকালীন আদেশৰ দুসপ্তাহৰ সম্প্ৰসাৰণৰ আবেদনো খাৰিজ কৰে। ন্যায়াধীশ পি এছ দীনেশ কুমাৰে এই নিৰ্দেশ ঘোষণা কৰিছিল। আমাজন আৰু ফ্লিপকাৰ্টৰ ওচৰত এতিয়া উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশৰ বিচাৰপীঠ স্থানান্তৰ কৰাৰ বিকল্প থাকিব।
স্মাৰ্টফোন মুকলিৰ সময়ত নিৰ্বাচিত বিক্ৰেতাসকলক অগ্ৰাধিকাৰ দিয়াৰ অভিযোগ
অক্টোবৰ ২০১৯ত দিল্লী ট্ৰেড ফেডাৰেচনে অভিযোগ কৰিছিল যে এমাজন আৰু ফ্লিপকাৰ্টে তেওঁলোকৰ কাৰ্যকলাপ, বিশেষকৈ স্মাৰ্টফোন মুকলি কৰাৰ সময়ত নিৰ্বাচিত বিক্ৰেতাসকলক অগ্ৰাধিকাৰ দিছিল। শেহতীয়াকৈ শুকুৰবাৰে এই সম্পৰ্কত শুনানি গ্ৰহণ কৰি কোম্পানী দুটাৰ আবেদন খাৰিজ উচ্চ ন্যায়ালয়ে তদন্ত কৰিবলৈ CCIক সেউজ সংকেত প্ৰদান কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|