உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Mask Matters: ৰাজহুৱা স্থানত থুৱালেও ভৰিব লাগিব জৰিমনা, মাস্ক পিন্ধাটো বাধ্যতামূলক

    Mask Matters: ৰাজহুৱা স্থানত থুৱালেও ভৰিব লাগিব জৰিমনা, মাস্ক পিন্ধাটো বাধ্যতামূলক

    Mask Matters: কৰ্মস্থলী, চিনেমা হল, ৰাজহুৱা পৰিবহন, শ্বপিং মল, বজাৰ, হোটেল-ৰেস্তোৰা আদিত মাস্ক পিন্ধাটো বাধ্যতামূলক। 

    • Share this:
    কোৰোণা (Corona)ৰ সংক্ৰমণ বৃদ্ধিৰ লগে লগে কেইবাখনো ৰাজ্যৰ চৰকাৰ পুনৰ কোৰোণা সতৰ্ক আচৰণ মানি চলাৰ ক্ষেত্ৰত কঠোৰ নীতি  অৱলম্বন কৰিছে। শেহতীয়াকৈ ৰাজধানী দিল্লীকে ধৰি পঞ্জাব, হাৰিয়ানা, তামিলনাডু, কৰ্ণাটকটো কোৰোণাৰ সংক্ৰমণ কিছু উৰ্ধগামী হৈছে। কোভিড১৯ (Covid19) সংক্ৰমণৰ গ্ৰাফডাল উৰ্ধগামী হোৱাৰ লগে লগে ৰাজ্যচৰকাৰসমূহেও কঠোৰ নীতি গ্ৰহণ কৰিছে। কৰ্ণাটক চৰকাৰেও আজি ৰাজ্যখনত ৰাজহুৱাস্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে।

    আজি এক জাননী জাৰি কৰি কৰ্ণাটক চৰকাৰে কয় যে এতিয়াৰে পৰা যিকোনো ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক। অন্যথা জৰিমনা ভৰিব লাগিব নিয়ম উলংঘাকাৰীয়ে। কৰ্মস্থলী, শিক্ষানুষ্ঠান, চিনেমা হল, ৰাজহুৱা পৰিবহন, শ্বপিং মল, বজাৰ, হোটেল-ৰেস্তোৰা আদিত মাস্ক পিন্ধাটো বাধ্যতামূলক।

    ইমানেই নহয় ৰাজহুৱা স্থানত থুওৱাৰ ক্ষেত্ৰটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই জাননীত কোৱা মতে ৰাজহুৱা স্থানত থুৱালে জৰিমনা ভৰিব লাগিব।
    Published by:Manjumoni Borah
    First published: