মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Lucky Coconut : নিলামত বিক্ৰী হ'ল এটা 'ভাগ্যৱান' নাৰিকল, ৬.৫ লাখ টকাত কিনিলে এজন ফলৰ বেপাৰীয়ে,

Lucky Coconut : নিলামত বিক্ৰী হ'ল এটা 'ভাগ্যৱান' নাৰিকল, ৬.৫ লাখ টকাত কিনিলে এজন ফলৰ বেপাৰীয়ে,

News18 Assam | News18-Assam
Updated:September 11, 2021, 7:21 PM IST
Lucky Coconut : নিলামত বিক্ৰী হ'ল এটা 'ভাগ্যৱান' নাৰিকল, ৬.৫ লাখ টকাত কিনিলে এজন ফলৰ বেপাৰীয়ে,
Lucky Coconut : মন্দিৰ সমিতিয়ে দীৰ্ঘদিন ধৰি এই নাৰিকলটোৰ নিলাম (Lucky Coconut Auction) কৰি আহিছে কিন্তু এইবাৰৰ দৰে অবিশ্বাস্য দাম কেতিয়াও পোৱা নাছিল। কেতিয়াও ইয়াৰ দাম ১০,০০০ টকা অতিক্ৰম কৰা নাছিল।

Lucky Coconut : মন্দিৰ সমিতিয়ে দীৰ্ঘদিন ধৰি এই নাৰিকলটোৰ নিলাম (Lucky Coconut Auction) কৰি আহিছে কিন্তু এইবাৰৰ দৰে অবিশ্বাস্য দাম কেতিয়াও পোৱা নাছিল। কেতিয়াও ইয়াৰ দাম ১০,০০০ টকা অতিক্ৰম কৰা নাছিল।

  • News18 Assam
  • Last Updated: September 11, 2021, 7:21 PM IST
  • Share this:
ভক্তি আৰু বিশ্বাসৰ কোনো সীমা নাথাকে। প্ৰভূলৈ অৰ্ঘ্য দানৰ বাবে ভক্তই যিকোনো অসাধ্য সাধন কৰিব পাৰে। এনে এক ঘটনা ঘটিছে কৰ্ণাটক (Karnatak)ত। য'ত এজন ফল বিক্ৰেতাই ভগৱানৰ নামতক্ৰয় কৰিলে চাৰে ছয় লাখ টকা (Rs 6.5 lakhs)ৰ এটা নাৰিকল।

প্ৰশ্ন হৈছে ৬ লাখ ৫০ হাজাৰ টকাত কিনিবলগীয়া এইটো এনে কি আচৰিত নাৰিকল! কথাটো এনেকুৱা যে এই নাৰিকলটো হেনো ভাগ্যৱান নাৰিকল ( lucky coconut) । মন্দিৰ কৰ্তৃপক্ষই এই নাৰিকলটো নিলাম কৰিছিল আৰু বিজয়পুৰা জিলাৰ মহাবীৰ হাৰাকে (Mahavir Harake) নামৰ ফল বেপাৰীজনে (Fruit Seller) সেইটো চাৰে ছয় লাখ টকাত কিনি লয়। আন কোনেও মহাবীৰৰ দামৰ ওপৰত দাম দিব নোৱাৰিলে।

কৰ্ণাটকৰ বাগালকোট জিলাৰ জামাখণ্ডীৰ চিক্কালাকি গাঁৱৰ দ্বাদশ শতিকাৰ ভগৱান মালিঙ্গৰায় (Lord Malingaraya)ৰ নামত ফল বিক্ৰেতাজনে মাত্ৰ এটা নাৰিকলৰ বাবে ৬.৫ লাখ টকা দাম দিবলৈ অলপো কুণ্ঠাবোধ কৰা নাছিল।

ভগৱান মালিঙ্গৰায়ক শিৱৰ নন্দীৰ এক ৰূপ বুলি মানি অহা হৈছে আৰু তেওঁৰ পাদযুগলত ৰখা এই নাৰিকলটো তেওঁৰ ভক্তসকলৰ বাবে আটাইতকৈ বেছি প্ৰিয় বস্তু বুলি বিশ্বাস কৰি অহা হৈছে। এই বিশেষ নাৰিকলটো ঐশ্বৰিক (Devine) বুলি গণ্য কৰা হয় আৰু বিশ্বাস কৰা হয় যে এই নাৰিকলটো যিয়ে লাব কৰে তেওঁলৈ ই সৌভাগ্য কঢ়িয়াই আনে।

মন্দিৰ সমিতিয়ে দীৰ্ঘদিন ধৰি এই নাৰিকলটোৰ নিলাম (Lucky Coconut Auction) কৰি আহিছে কিন্তু এইবাৰৰ দৰে অবিশ্বাস্য দাম কেতিয়াও পোৱা নাছিল। কেতিয়াও ইয়াৰ দাম ১০,০০০ টকা অতিক্ৰম কৰা নাছিল। কিন্তু এই বছৰ পৰিস্থিতি এনে অভূতপূৰ্ব পৰিৱৰ্তন দেখি মন্দিৰ কমিটীও হতচকিত হৈছে।

নাৰিকলটোৰ নিবিদা আৰম্ভ হৈছিল ১০০০ টকাৰ পৰা অতি সোনকালেই ১ লাখ টকা অতিক্ৰম কৰিছিল যাৰ পিছত এজন ভক্তই ৩ লাখ টকা আগবঢ়াইছিল। মন্দিৰ সমিতিৰ সদস্যসকলে প্ৰায় নিশ্চিত আছিল যে নিবিদা ইয়াতে সমাপ্ত হ'ব, কিয়নো এনে মূল্য আগতে কেতিয়াও আগবঢ়োৱা হোৱা নাছিল। কিন্তু মহাবীৰ হাৰাকেৰ মনত বেলেগ পৰিকল্পনা আছিল। তেওঁ একেবাৰতে দাম দুগুণ কৰিছিল আৰু নাৰিকলটো ৬.৫ লাখ টকা দি নিজৰ কৰিছিল।

মহাবীৰে কয় যে বহুতেই তেওঁৰ সিদ্ধান্তক উন্মাদ আৰু অন্ধবিশ্বাস বুলি ক'ব বিচাৰে, কিন্তু এয়া তেওঁৰ বাবে ভক্তি আৰু বিশ্বাসৰ বিষয় আছিল। তেওঁ ভগৱান মালিঙ্গাৰায়ৰ ওপৰত থকা এই অগাধ বিশ্বাসৰ কাৰণ বৰ্ণনা কৰি কয় যে তেওঁ যেতিয়া গুৰুতৰ স্বাস্থ্য সমস্যা আৰু ব্যৱসায়িক লোকচানত ভুগি আছিল, তেতিয়া তেওঁ  ভগৱান মালিঙ্গাৰায়ৰ ওচৰত প্ৰাৰ্থনা জনাইছিল আৰু কেইমাহমানৰ ভিতৰতে তেওঁৰ সমস্যাৰ সমাধান হৈছিল।

মহাবীৰে এতিয়া নাৰিকলটো নি তেওঁৰ ঘৰৰ মন্দিৰত ৰাখিব আৰু নিতৌ পূজা কৰিব বুলি জানিব দিয়ে।
Published by: Manjumoni Borah
First published: September 11, 2021, 7:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি