• Home
  • »
  • News
  • »
  • nation
  • »
  • গ্ৰেপ্তাৰ হ’ব অভিনেত্ৰী কংগনা ৰানাৱট! দিয়া হ’ল FIR! জঘন্য অপৰাধৰ অভিযোগ!

গ্ৰেপ্তাৰ হ’ব অভিনেত্ৰী কংগনা ৰানাৱট! দিয়া হ’ল FIR! জঘন্য অপৰাধৰ অভিযোগ!

এই আদেশৰ পিছত কংগনাই নিজৰ টুইটাৰৰ পৰা কৃষি বিলকলৈ তেওঁ কৰা মন্তব্য ডিলিট কৰিছে। এই টুইটকলৈ কৃষকসকলৰ সন্দৰ্ভত বিশেষ মন্তব্য কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

  • Share this:
কংগনা ৰানাৱট! বলীউদৰ এইগৰাকী অভিনেত্ৰী প্ৰায়ে চৰ্চাত থাকে। বিভিন্ন বিতৰ্কৰ মাজতো প্ৰায়ে সোমাই পৰে অভিনেত্ৰীগৰাকী। চৰ্চাত থাকিবলৈও অভিনেত্ৰীগৰাকীয়ে আচৰিত ধৰণৰ কাম মাজে মাজে কৰা দেখা যায়। চিনেমা নাথাকিলেও অভিনেত্ৰীগৰাকীকলৈ আলোচনা শেষ নহয়।

কিছুদিন পূৰ্বে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে অভিনেত্ৰী কংগনাইবহু বিস্ফোৰণ ঘটাইছিল। কৰণ জোহৰ, মহেশ ভাটৰ পৰা আৰম্ভ কৰি বিভিন্ন জনৰ বিৰুদ্ধে অভিযোগ আনিছিল কংগনাই। নেপটিজিম, চিনেমা মাফিয়া নানা বিষয় তুলি ধৰাৰ চেষ্টা কৰিছিল।

দেশত এতিয়া নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সেই সময়তে চৰকাৰে প্ৰস্তুত কৰা কৃষি আইনকলৈ এটা টুইট কৰিছিল কংগনাই। সেই টুইটত, কৃষকে কৰা প্ৰতিবাদক নিন্দা কৰিছিল অভিনেত্ৰীগৰাকীয়ে। আনকি কৃষকৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰিছিল। লগে লগে কৃষকসকলক কংগনাই অপমান কৰাৰ অভিযোগ উঠে। কেৱল সেয়াই নহয়, কৰ্ণাটকৰ কোৰ্টে কংগনাৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰাৰো নিৰ্দেশ দিয়ে। আনকি গ্ৰেপ্তাৰৰ কথাও কোৱা হৈছে।

এ এন আই খবৰে জনাইছে যে, কৰ্ণাটকৰ এখন আদালতে কংগনাৰ বিৰুদ্ধে এফ আই আৰ দাখিলৰ নিৰ্দেশ দিছে। এই আদেশৰ পিছতে কংগনায়ো নিজৰ টুইটাৰৰ পৰা বিতৰ্কিত টুইটতো ডিলিট কৰে।
Published by:Himangshu Bhuyan
First published: