মুখ্যপৃষ্ঠা »খবৰ »দেশ »কৰ্ণাটকৰ মাংগালুৰুত চলন্ত অ'টোৰিক্সাত বিস্ফোৰণ, সন্ত্ৰাসবাদী আক্ৰমণত সষ্টম সুৰক্ষা বাহিনী

কৰ্ণাটকৰ মাংগালুৰুত চলন্ত অ'টোৰিক্সাত বিস্ফোৰণ, সন্ত্ৰাসবাদী আক্ৰমণত সষ্টম সুৰক্ষা বাহিনী

মংগালুৰু অটো বিস্ফোৰণৰ সন্ত্ৰাসবাদী সংযোগ চৰ্চালৈ আহিছে।(সাংকেতিক ছবি)

মংগালুৰু অটো বিস্ফোৰণৰ সন্ত্ৰাসবাদী সংযোগ চৰ্চালৈ আহিছে।(সাংকেতিক ছবি)

কৰ্ণাটকৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰবীণ ছুদে দেওবাৰে মাংগালুৰুত চলন্ত অটোৰিক্সাত হোৱা বিস্ফোৰণটো সন্ত্ৰাসবাদী ঘটনা বুলি জানিবলৈ দিয়ে। ডিজিপিয়ে টুইট কৰি কয়, ‘এতিয়া নিশ্চিত হৈছে। বিস্ফোৰণটো কোনো দুৰ্ঘটনা নহয়, সন্ত্ৰাসবাদীৰ কাৰ্য।

  • Share this:
শনিবাৰে কৰ্ণাটকৰ মাংগালুৰুত এখন চলন্ত অ'টোৰিক্সা বিস্ফোৰিত হৈ অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাটোত অ'টোৰিক্সাৰ চালকসহ এজন যাত্ৰী অগ্নিকাণ্ডত জাঁহ যায়। ঘটনাৰ পিছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। এই ঘটনাৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে। আৰক্ষীয়ে শ্বেয়াৰ কৰা ঘটনাৰ চিচিটিভি ফুটেজত অ'টোৰিক্সাখন সামান্য বিস্ফোৰণৰ পিছত জুই লাগি থকা দেখা গৈছে। আৰক্ষীয়ে বিষয়টোৰ তদন্তৰ বাবে বিশেষ দল গঠন কৰিছে।

কৰ্ণাটকৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰবীণ ছুদে দেওবাৰে মাংগালুৰুত চলন্ত অটোৰিক্সাত হোৱা বিস্ফোৰণটো সন্ত্ৰাসবাদী ঘটনা বুলি জানিবলৈ দিয়ে। ডিজিপিয়ে টুইট কৰি কয়, ‘এতিয়া নিশ্চিত হৈছে। বিস্ফোৰণটো কোনো দুৰ্ঘটনা নহয়, সন্ত্ৰাসবাদীৰ কাৰ্য। যাৰ উদ্দেশ্য আছিল গুৰুতৰ ক্ষতি কৰা। কৰ্ণাটক ৰাজ্যৰ আৰক্ষীয়ে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে এক সম্যক তদন্ত অব্যাহত ৰাখিছে।শনিবাৰে সন্ধিয়া এখন আৰক্ষী থানাৰ সমীপত এখন অটোৰিক্সাত বিস্ফোৰণত এজন যাত্ৰী আৰু চালক আহত হয়। দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বিস্ফোৰণত আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে যদিও বৰ্তমান তেওঁলোকৰ কথা ক’ব পৰা অৱস্থাত নাই বুলি কয় ৰাজ্যৰ গৃহমন্ত্ৰী আৰগা জ্ঞানেন্দ্ৰই। তেওঁ কয়, ‘আমি যি তথ্য লাভ কৰিছো তাৰ পৰা জানিব পৰা গৈছে যে এই ঘটনাৰ আঁৰত এক বৃহৎ ষড়যন্ত্ৰ আছিল। দোষী সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাটো স্পষ্ট।জ্ঞানেন্দ্ৰই কয় যে ৰাজ্যৰ আৰক্ষী কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে যোগাযোগত আছে আৰু এদিন বা দুদিন পিছত সকলো তথ্য ওলাব।

কুকাৰ বিস্ফোৰণ
আৰক্ষী সূত্ৰই জনোৱা মতে, এটা কুকাৰত বিস্ফোৰণ সংঘটিত হয়, য’ত ডিটনেটৰ, তাঁৰ আৰু বেটাৰী সংলগ্ন কৰা হৈছিল। বিস্ফোৰণৰ বাবে অ'টোৰিক্সাখন বহু ক্ষতিগ্ৰস্ত হোৱা বুলিও তেওঁ কয়। তেওঁ কয় যে সৰ্বাধিক ক্ষতি কৰাৰ প্ৰয়াসত ই এক বিফল আত্মহত্যাৰ চেষ্টা হ’ব পাৰে বুলিও সন্দেহ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, মংগালুৰুত সংঘটিত বিস্ফোৰণ কইম্বাটুৰত সংঘটিত গাড়ী বিস্ফোৰণৰ দৰেই।

সামাজিক মাধ্যমত উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ আহ্বান জনাইছে নগৰ আৰক্ষী আয়ুক্ত এন শশী কুমাৰে। বৰ্তমান সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে। তদন্তৰ অন্ততহে গম পোৱা যাব যে সন্ত্ৰাসবাদৰ এই সংযোগ কিমান দূৰলৈ বিয়পি পৰিছে।

শেহতীয়া বাতৰি