বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / Karnataka CM Oath Taking Ceremony: কৰ্ণাটকত নতুন চৰকাৰ ! আজি কৰ্ণাটকত মুখ্যমন্ত্ৰী, উপ–মুখ্যমন্ত্ৰীকে ধৰি কেইবাজনো মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান

Karnataka CM Oath Taking Ceremony: কৰ্ণাটকত নতুন চৰকাৰ ! আজি কৰ্ণাটকত মুখ্যমন্ত্ৰী, উপ–মুখ্যমন্ত্ৰীকে ধৰি কেইবাজনো মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান

Karnataka CM Oath Taking Ceremony: কৰ্ণাটকত নতুন চৰকাৰ ! আজি কৰ্ণাটকত মুখ্যমন্ত্ৰী, উপ–মুখ্যমন্ত্ৰীকে ধৰি কেইবাজনো মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান

মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীকে ধৰি আঠজন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

  • News18 Assam Karnataka
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

কৰ্ণাটকৰ প্ৰবীণ কংগ্ৰেছ নেতা সিদ্ধাৰামাইয়াই আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। লগতে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব।

ৰাজ্যপাল থাৱাৰচান্দ গেহলটে দুপৰীয়া প্ৰায় ১২ বাজি ৩০ মিনিটত বাংগালুৰুৰ কণ্টেৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰাব। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে দিল্লীত কৰ্ণাটকৰ শপত গ্ৰহণ অনুষ্ঠানৰ বিষয়ে জনায়।

বিজ্ঞাপন

মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীকে ধৰি আঠজন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ইতিমধ্যে কংগ্ৰেছে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলৰ তালিকাও প্ৰকাশ কৰিছে। শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ তালিকাত আছে কংগ্ৰেছৰ বিধায়ক ড০ জি পৰমেশ্বৰ, কে এইচ মুনিয়াপ্পা, কে জে জৰ্জ, এম বি পাটিল, সতীশ জাৰ্কিহোলি, প্ৰিয়ংকা খাৰ্গে, ৰামলিংগ ৰেড্ডী আৰু জামিৰ আহমেদ খান।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন