কৰীণা কাপুৰৰ ডেলিভাৰীৰ পিছত টুইটাৰত ট্ৰেণ্ড হ'ল- ঔৰংজেৱ আৰু বাবৰ, জানি লওক কাৰণ

News18 Assam | News18-Assam
Updated:February 21, 2021, 3:54 PM IST
কৰীণা কাপুৰৰ ডেলিভাৰীৰ পিছত টুইটাৰত ট্ৰেণ্ড হ'ল- ঔৰংজেৱ আৰু বাবৰ, জানি লওক কাৰণ
কৰীণা কাপুৰৰ ডেলিভাৰীৰ পিছতে টুইটাৰত ট্ৰেণ্ড হৈছে ঔৰংজেৱ আৰু বাবৰ।

কৰীণা কাপুৰৰ ডেলিভাৰীৰ পিছতে টুইটাৰত ট্ৰেণ্ড হৈছে ঔৰংজেৱ আৰু বাবৰ।

  • Share this:
কৰীণা কাপুৰৰ ডেলিভাৰীৰ পিছতে টুইটাৰত ট্ৰেণ্ড হৈছে ঔৰংজেৱ আৰু বাবৰ। ট্ৰ'ল হোৱাৰ কাৰণ ছেইফ আলী খান আৰু কৰীণা কাপুৰৰ সন্তানৰ নাম। ইয়াৰ পিছতে টাইমুৰৰ সৰু ভায়েকৰ নাম ঔৰংজৱ আৰু বাবৰ ৰখা হৈছে।

কৰীণা কাপুৰে দ্বিতীয়বাৰ মাতৃ হ’ল কৰীণা কাপুৰ খান। যোৱানিশা মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল কৰীণাক। ২১ ফেব্ৰুৱাৰীৰ পুৱা কৰীণাৰ কোলালৈ আহিল এটি পুত্ৰ সন্তান।



২০২০ৰ আগষ্ট মাহত নতুন সদস্য অহাৰ খবৰ প্ৰকাশ কৰিছিল কৰীণা আৰু ছেইফে। কিন্তু সন্তান জন্ম হোৱাৰ পিছতে ট্ৰ'ল হয় কৰীণা কাপুৰ। সন্তানৰ নামক লৈ ট্ৰ'ল হয় অভিনেত্ৰীগৰাকী।

ট্ৰ'লৰ কাৰণ কৰীণা আৰু ছেইফৰ ডাঙৰ সন্তানৰ নাম। কৰীণাৰ প্ৰথম সন্তানৰ নাম টাইমুৰ। সকলোৱে ধেমালিৰ চলেৰে কৈছে যে, টাইমুৰৰ ভাতৃৰ নাম ৰাখক বাবৰ বা ঔৰংজেৱ। এতিয়া টুইটাৰত ট্ৰেণ্ড হৈছে বাবৰ আৰু ঔৰংজেৱ। একাংশই কৈছে যে, কৰীণাৰ ঘৰলৈ বাবৰ আৰু ঔৰংজেৱ আহিল গ'ল।
Published by: Himangshu Bhuyan
First published: February 21, 2021, 3:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি