কোৰোণাত আক্ৰান্ত হোৱা বলীউজৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰৰ (Kareena Kapoor Khan) স্বাস্থ্যৰ ব্যাপক অৱনতি ঘটিছে। যোৱা ১৩ ডিচেম্বৰত অভিনেত্ৰীগৰাকী কোৰোণাত আক্ৰান্তচ হৈছিল। খবৰ অনুসৰি, কৰীণা আৰু অমৃতা আৰোৰাই ক'ভিড নিয়ম অমান্য মুম্বাইৰ এটা পাৰ্টীত উপস্থিত আছিল। ইয়াৰ পিছতে কভিড পজিটিভ বুলি ধৰা পৰে (tested positive for COVID-19)। মুম্বাই পৌৰ নিগমে কৰীণা আৰু অমৃতাৰ সংস্পৰ্শলৈ অহা লোকসকলক RTPCT পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে।
বৰ্তমান কৰীণা কাপুৰ আৰু দুয়োটা সন্তান হোম কোৱাৰেণ্টাইনত আছে। ইয়াৰ ফলত এতিয়া কাৰো সংস্পৰ্শলৈ অহা নাই অভিনেত্ৰীগৰাকীয়ে। সেইদৰে তেওঁৰ ওপৰত বহুকেইটা প্ৰতিবন্ধকতা লগাই দিয়া হৈছে। যাতে কৰীণাৰ পৰা অন্য লোককৈ বেমাৰ বিয়পিব নোৱাৰে। বৰ্তমান কৰীণা কাপুৰ যথেষ্ট মানসিক চাপত থকা বুলিও জনা গৈছে।
কৰীশ্মা কাপুৰে কি অনুৰোধ জনালে?কৰীণা কাপুৰৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছতে ভগ্নী কৰীশ্মা কাপুৰ অত্যন্ত চিন্তিত হৈ পৰিছে। কৰীণাৰ আশু আৰোগ্যৰ বাবে সকলোৰে পৰা আশীষ বিচাৰিছে কৰীশ্মা কাপুৰে। লগতে কৰীশ্মাই কৈছে যে, বৰ্তমান কৰীণাই কাকো লগ কৰিব পৰা নাই। অকলশৰীয়া অনুভৱ কৰিছে কৰীণাই।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|