• Home
  • »
  • News
  • »
  • nation
  • »
  • দেশৰ হৈ ২০তকৈ অধিক পদক জয়ী হোৱা মহিলা খেলুৱৈয়ে এতিয়া কৰিবলগীয়া হৈছে খেতিৰ কাম, অসাৰ হ'ল মন্ত্ৰীৰ চাকৰিৰ প্ৰতিশ্ৰুতি...

দেশৰ হৈ ২০তকৈ অধিক পদক জয়ী হোৱা মহিলা খেলুৱৈয়ে এতিয়া কৰিবলগীয়া হৈছে খেতিৰ কাম, অসাৰ হ'ল মন্ত্ৰীৰ চাকৰিৰ প্ৰতিশ্ৰুতি...

সাংকেতিক ছবি- AFP

সাংকেতিক ছবি- AFP

পঞ্জাৱৰ মানসা জিলাৰ গুৰনেকালান গাঁৱৰ ২৩ বছৰীয়া হৰদীপে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ২০ টাতকৈও অধিক পদক লাভ কৰিছে।

  • Share this:
খেলুৱৈসকলৰ দূৰ্বল অৱস্থাৰ বিষয়ে প্ৰায়ে বাতৰি পোৱা যায়। এনেকুৱা আন্তৰ্জাতিক কাৰাটে খেলুৱৈ হৰদীপ কৌৰ ((Hardeep Kaur)) যি আজিকালি বেয়া পৰ্যায়ৰ মাজেৰে গৈ আছে। তেওঁ ধানখেতিত কাম কৰি আছে আৰু এদিনৰ উপাৰ্জন মাত্ৰ ৩০০ টকা। পঞ্জাৱৰ মানসা জিলাৰ গুৰনেকালান গাঁৱৰ ২৩ বছৰীয়া হৰদীপে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ২০ টাতকৈও অধিক পদক লাভ কৰিছে।

হৰদীপে ইণ্ডিয়া টুডেক কৈছে যে তেওঁ কেতিয়াও এনে অৱস্থাৰ কথা ভবা নাছিল। তেওঁ কয়, 'আমি এটা দৰিদ্ৰ দলিত পৰিয়ালৰ। আমাৰ মাটি নাই আৰু শ্ৰমিক হিচাপে কাম কৰিব লাগিব। ধানখেতিত কাম কৰি মই ৩০০ ৰ পৰা ৩৫০ টকাৰ ভিতৰত উপাৰ্জন কৰোঁ। মোৰ পৰিয়ালৰ ভৰণপোষণৰ বাবে মই পথাৰত কাম কৰিব লাগিব।' হৰদীপ কৌৰৰ দেউতাক নয়াব সিং (৫৫) আৰু মাতৃ সুখবিন্দৰ কৌৰ (৪৫)য়েও এই ক্ষেত্ৰত কাম কৰে। হৰদীপ কৌৰে বৰ্তমান পাটিয়ালাৰ পৰা শাৰীৰিক শিক্ষাত স্নাতকোত্তৰ ডিপ্লোমা গ্ৰহণ কৰি আছে।

তেওঁ ক'লে, 'মই পাটিয়ালাত ডিপিইডি অধ্যয়ন কৰি আছো। মই মোৰ অধ্যয়নব্যয় পূৰণ কৰিবলৈ আৰু মোৰ পিতৃ-মাতৃক সহায় কৰিবলৈ ঘৰুৱা কাম কৰোঁ।

যেতিয়া তেওঁ ২০১৮ চনত মালয়েছিয়াত সোণৰ পদক জিকিছিল, পঞ্জাৱৰ ক্ৰীড়া মন্ত্ৰী ৰাণা গুৰমিত সোধিয়ে হৰদীপক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। হৰদীপে কৈছিল যে ক্ৰীড়া মন্ত্ৰীয়ে তেওঁক লগ কৰিছিল আৰু চৰকাৰী চাকৰি ঘোষণা কৰিছিল৷ তেওঁ কৈছিল যে তিনি বছৰ পাৰ হৈ গ'ল আৰু প্ৰতিশ্ৰুতিটো অসম্পূৰ্ণ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি