আন্দোলন চলি থকাৰ স্বাৰ্থত ‘কা’ শুনানিত স্থগিতাদেশ নিবিচাৰে কংগ্ৰেছে! কি উত্তৰ কপিল চিবালৰ

News18 Assam | News18-Assam
Updated:January 25, 2020, 8:53 AM IST
আন্দোলন চলি থকাৰ স্বাৰ্থত ‘কা’ শুনানিত স্থগিতাদেশ নিবিচাৰে কংগ্ৰেছে! কি উত্তৰ কপিল চিবালৰ
জেষ্ঠ অধিবক্তা বিকাশ সিঙৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ জেষ্ঠ অধিবক্তা কপিল চিবালৰ।

জেষ্ঠ অধিবক্তা বিকাশ সিঙৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ জেষ্ঠ অধিবক্তা কপিল চিবালৰ।

  • Share this:
‘অধিবক্তা বিকাশ সিঙৰ ৰাজহুৱা মন্তব্যত সঁচাকৈ আচৰিত হৈছো, বিকাশ সিঙে এজন অধিবক্তাক আক্ৰমণ কৰাতকৈ সমালোচনা কৰিব লাগিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীক। বিকাশ সিঙে মিথ্যাচাৰৰ আশ্ৰয় লৈছে। উচ্চতম ন্যায়ালয়ত বিবেচনাধীন হৈ থকা CAA গোচৰক লৈ ৰাজনীতি কৰিছে সিঙে।’  এই মন্তব্য কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ অধিবক্তা কপিল চিবালৰ ।
বিকাশ সিঙৰ মন্তব্য দায়িত্বজ্ঞানহীন আৰু এনে মন্তব্যই সমাজত বিশৃংখলতাৰো সৃষ্টি কৰিছে বুলিও কয় চিবালে। আনহাতে নিৰ্দিষ্ঠ দিনটোত উচ্চতম ন্যায়ালয়ত কি হৈছিল তাৰো বিৱৰণ দিয়ে জেষ্ঠ অধিবক্তা গৰাকীয়ে । ’অসমৰ আবেদন সমূহৰ কাৰণে পৃথক সাংবিধানিক বিচাৰপীঠ গঠন হব; আৰু দেশৰ মুখ্য ন্যায়াধীশে চিবালকে অসম সম্বন্ধীয় গোচৰ সমূহ সংগ্ৰহ কৰি একত্ৰিত কৰিবলৈ নিৰ্দেশ দিছে’ ।
তেওঁ লগতে কয় চৰকাৰে যদিও ৬ সপ্তাহৰ সময় বিচাৰিছিল কিন্তু আদালতে কেন্দ্ৰীয় চৰকাৰক ৪ সপ্তাহৰ ভিতৰত সৰ্বমুঠ ১৪৪ খন আবেদনৰ সন্দৰ্ভত উত্তৰ দিবলৈ নিৰ্দেশ দিছে । আনহাতে CAA ৰ প্ৰসংগত জেষ্ঠ অধিবক্তা গৰাকীয়ে কয় অসম চুক্তিৰ আধাৰত নিৰ্ধাৰিত ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিত্তি বৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে পৰিবৰ্তন কৰিব নোৱাৰে । এই তাৰিখ শিলত লিখা সদৃশ ।

উল্লেখযোগ্য যে, কংগ্ৰেছ নেতা তথা জেষ্ঠ অধিবক্ত দ্বয় কপিল চিবাল আৰু অভিষেক মনু সিংভীৰ বিৰুদ্ধে CAA ৰ অন্তৰ্ৱতীকালীন স্থগিতাদেশ নিবিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল বিকাশ সিঙে । বিকাশ সিঙে কয়, তেওঁ স্থগিতাদেশৰ কাৰণে সজোৰে আগ্ৰহ প্ৰকাশ কৰাৰ পাছতো এই দুজন জেষ্ঠ অধিবক্তাই বিচৰা নাছিল তেনে আদেশ ।

স্থগিতাদেশ জাৰি কৰিলে কংগ্ৰেছৰ নেতৃত্বত চলি থকা আন্দোলন তৎক্ষণাত অন্ত পৰিব সেই কাৰণেই জেষ্ঠ অধিবক্তাদ্বয়ে বিচৰা নাই স্থগিতাদেশ, মন্তব্য কৰিছিল বিকাশ সিঙে ।

তাৎপৰ্যপূৰ্ণ যে, নতুন দিল্লীৰ এটা নৱগঠিত অধিবক্তাৰ সংগঠনে উচ্চতম ন্যায়ালয়ৰ CAA বিৰোধী গোচৰত জ্যেষ্ঠ, অভিজ্ঞ অধিবক্তা নিয়োগ কৰাৰ কাৰণে অসমীয়াৰ পক্ষত নিৰ্দেশ পোৱাৰ কার্যক স্বাগতম জনাইছে উপমন্যু হাজৰিকাই।

যোৱা বুধবাৰৰ CAA শুনানিত Advocates Association for Indigenous Rights of Assamese নামৰ সংগঠনটোৱে নিয়োগ কৰিছিল জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙক। তেওঁৰ যুক্তিৰ ভিত্তিতে অসম আৰু ত্ৰিপুৰাৰ আবেদনসমূহ পৃথকে বিবেচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ে।

জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই অসমৰ কাৰণে সবল যুক্তি দৰ্শোৱাৰ কাৰণে বিকাশ সিং আৰু শ্যাম দেৱানৰ শলাগ লয়। জ্যেষ্ঠ অধিবক্তা শ্যাম দেৱানে প্ৰতিনিধিত্ব কৰিছিল অসম সন্মিলিত মহাসংঘক।

‘অসমৰ জলন্ত সমস্যা এটাৰ সৰ্বোচ্চ ন্যায়ালয়ত আইনী যুঁজ চলোৱাৰ দাবী কৰি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি শুনানিৰ সময়ত অসমৰ আবেদনকাৰীয়ে শ্ৰেষ্ঠ অধিবক্তা নিয়োগ নকৰাৰ কাৰ্য দুখ জনক’ – মন্তব্য উপমন্যু হাজৰিকা।
Published by: Tulika Devi
First published: January 25, 2020, 8:48 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading