உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Kapil Sibal Quits Congress: কংগ্ৰেছ ত্যাগ কৰিলে কপিল ছিবালে, সমাজবাদী দলৰ সমৰ্থনত খেলিব ৰাজ্যসভা নিৰ্বাচন

    Kapil Sibal Quits Congress: কংগ্ৰেছ ত্যাগ কৰিলে কপিল ছিবালে, সমাজবাদী দলৰ সমৰ্থনত খেলিব ৰাজ্যসভা নিৰ্বাচন

    Kapil Sibal Quits Congress:  লক্ষ্ণৌত অখিলেশ যাদৱ আৰু দলীৰ জ্যেষ্ঠ নেতা ৰাম গোপাল যাদৱৰ উপস্থিতিত মনোনয়ন দাখিল কৰে কপিল ছিবালে।

    Kapil Sibal Quits Congress: লক্ষ্ণৌত অখিলেশ যাদৱ আৰু দলীৰ জ্যেষ্ঠ নেতা ৰাম গোপাল যাদৱৰ উপস্থিতিত মনোনয়ন দাখিল কৰে কপিল ছিবালে।

    Kapil Sibal Quits Congress: লক্ষ্ণৌত অখিলেশ যাদৱ আৰু দলীৰ জ্যেষ্ঠ নেতা ৰাম গোপাল যাদৱৰ উপস্থিতিত মনোনয়ন দাখিল কৰে কপিল ছিবালে।

    • Share this:
    কংগ্ৰেছ নেতা কপিল ছিবালে (Kapil Sibal) বুধবাৰে ঘোষণা কৰে যে তেওঁ ১৬ মে’ত দলৰ পৰা পদত্যাগ কৰিছিল আৰু আজি সমাজবাদী পাৰ্টি (Samajwadi Party)ৰ সমৰ্থনত আগন্তুক ৰাজ্যসভা নিৰ্বাচন (Rajya Sabha election)ৰ বাবে মনোনয়ন দাখিল কৰিছে।  লক্ষ্ণৌত অখিলেশ যাদৱ আৰু দলীৰ জ্যেষ্ঠ নেতা ৰাম গোপাল যাদৱৰ উপস্থিতিত মনোনয়ন দাখিল কৰে কপিল ছিবালে।

    মনোনয়ন দাখিল কৰাৰ পিছতে ছিবালে কয়, ‘আজি মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছোঁ। যোৱাবাৰো মোক সহায় কৰা অখিলেশ যাদৱ, আজম খান আৰু অধ্যাপক ৰাম গোপাল যাদৱক ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই এতিয়া কংগ্ৰেছৰ জ্যেষ্ঠ নেতা নহয়। ১৬ মে’ত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিলোঁ, কোনো দল নোহোৱাকৈ ৰাজ্যসভাত উত্তৰপ্ৰদেশৰ কণ্ঠ হৈ থাকিম। প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে মই সদনত কণ্ঠস্বৰ হৈ থাকিম।”

    যেতিয়া সাংবাদিকসকলে তেওঁক কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সুধিছিল, তেতিয়া ছিবালে উত্তৰ দিছিল, “মই কংগ্ৰেছৰ বিষয়ে একো নকওঁ। মই পদত্যাগ কৰিছোঁ, গতিকে কংগ্ৰেছৰ বিষয়ে একো কোৱাটো মোৰ বাবে উচিত নহয়। কিন্তু ৩০-৩১ বছৰৰ সম্পৰ্কটো এৰি যোৱাটো সহজ নহয়।"
    Published by:Manjumoni Borah
    First published: