মুখ্যপৃষ্ঠা »খবৰ »দেশ »ভাৰত-পাকিস্তানৰ বহুপ্ৰতীক্ষিত টি২০ৰ সন্দৰ্ভত কি ক'লে কপিল দেৱে; জানো আহক

ভাৰত-পাকিস্তানৰ বহুপ্ৰতীক্ষিত টি২০ৰ সন্দৰ্ভত কি ক'লে কপিল দেৱে; জানো আহক

ৰোহিত শৰ্মাই এইবাৰ ভাৰতীয় দলটোৰ নেতৃত্ব দিব, তেওঁ এই দায়িত্ব বিগত বৰ্ষৰ টি-২০ বিশ্বকাপৰ পিছতেই কোহলীৰ পৰা গ্ৰহণ কৰিছিল।

ৰোহিত শৰ্মাই এইবাৰ ভাৰতীয় দলটোৰ নেতৃত্ব দিব, তেওঁ এই দায়িত্ব বিগত বৰ্ষৰ টি-২০ বিশ্বকাপৰ পিছতেই কোহলীৰ পৰা গ্ৰহণ কৰিছিল।

ৰোহিত শৰ্মাই এইবাৰ ভাৰতীয় দলটোৰ নেতৃত্ব দিব, তেওঁ এই দায়িত্ব বিগত বৰ্ষৰ টি-২০ বিশ্বকাপৰ পিছতেই কোহলীৰ পৰা গ্ৰহণ কৰিছিল।

  • Share this:
দেওবাৰে পুৰুষৰ এছিয়া কাপ ২০২২ ত ব্লকবাষ্টাৰ সংঘৰ্ষত মুখামুখি হ'লে ভাৰত আৰু পাকিস্তানে তেওঁলোকৰ প্ৰতিদ্বন্দীতা পুনৰ নৱীকৰণ কৰিব বুলি ক’লে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱে। দুয়োটা দলে যোৱা বছৰ টি-২০ বিশ্বকাপৰ সময়ত লগ হৈছিল, য'ত পাকিস্তানে ভাৰতক ১০ উইকেটেৰে পৰাজয় কৰি বিশ্বকাপত তেওঁলোকৰ চিৰপ্ৰতিদ্বন্দীৰ বিৰুদ্ধে প্ৰথম জয় সাৱ্যস্ত কৰিছিল। অৱশ্যে, ভাৰতে এইবাৰ নিজৰ দলত অধিক ফায়াৰ পাৱাৰ যোগ দিছে। জানিব পৰা মতে, ৰোহিত শৰ্মাই এইবাৰ ভাৰতীয় দলটোৰ নেতৃত্ব দিব, তেওঁ এই দায়িত্ব বিগত বৰ্ষৰ টি-২০ বিশ্বকাপৰ পিছতেই কোহলীৰ পৰা গ্ৰহণ কৰিছিল।

আজি হ’ব লগা ব্লকবাষ্টাৰ সংঘৰ্ষৰ আগতে নিজৰ বক্তব্য ৰাখি ভাৰতৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱে কোৱা মতে তেওঁ অনুভৱ কৰে যে টি-২০ হৈছে মাৰ্জিনৰ এক বিন্যাস, আৰু যি দলটোৱে অধিক ভালকৈ খেলিব তেওঁলোকে অৱশেষত জয় লাভ কৰিব।

অৱশ্যে, ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী অধিনায়কজনে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে ভাৰত শক্তিশালী যেন লাগিছে আৰু ইয়াৰ খেলুৱৈসকলৰ বিৰোধী দল পাকিস্তানৰ সমকক্ষসকলৰ তুলনাত অধিক অভিজ্ঞতা আছে।

কপিল দেৱে লগতে ব্যক্ত কৰে যে কোনেও টি-২০ৰ ফলাফলৰ বিষয়ে নিশ্চিত হ'ব নোৱাৰে। মানুহে যদিও এদিনীয়া আৰু টেষ্ট খেলত কিছু পৰিমাণে ভৱিষ্যতবাণী কৰিব পাৰে, কিন্তু টি-20ত ভৱিষ্যতবাণী কৰাটো অতি কঠিন। তেখেতে কয় যে ভাৰতীয় দলৰ অভিজ্ঞতা আছে আৰু তেওঁলোক উন্নত, কিন্তু তেওঁলোকে যোৱাবাৰো ভাল খেলিছিল যদিও পাকিস্তানে ভাৰততকৈ ভাল খেলিছিল। গতিকে, কোন জয়ী হ’ব সেই বিষয়ে একো কোৱাটো যথেষ্ট কঠিন। তথাপিও তেওঁ কয়, যদি পৰিসংখ্যা আৰু খেলুৱৈক মন কৰা যায় তেন্তে ভাৰতীয় দল বহুত উন্নত ইয়াৰ বিৰোধী দল পাকিস্তানৰ তুলনাত। কিন্তু এই সকলোবোৰ নিৰ্ভৰ কৰে সেই নিৰ্দিষ্ট দিনটোত দলটোৱে কেনেদৰে খেলিছে সেইটোৰ ওপৰত বুলি ইউটিউব শ্ব' 'আনকাট'ত আপলোড কৰা এটা ভিডিঅ'ত কিংবদন্তি অলৰাউণ্ডাৰ কপিল দেৱে কয়।

উল্লেখযোগ্য যে, ভাৰতক পাকিস্তান আৰু হংকঙৰ সৈতে গ্ৰুপ এ-ত ৰখা হৈছে।

ইফালে আফগানিস্তানে শনিবাৰে এছিয়া কাপৰ উদ্বোধনী খেলত শ্ৰীলংকাক ৮ উইকেটত পৰাস্ত কৰিছিল।

শেহতীয়া বাতৰি