আপোনালোকৰ হয়তো মনত আছে সেই কান্তা প্ৰসাদৰ কথা? অক্টোবৰ মাহৰ প্ৰথম ভাগ পৰ্যন্ত তেওঁক কোনেও নাজানিছিল। তাৰ পিছত হঠাৎ এদিন এক মিৰাকল ঘটে। সমগ্ৰ দেশতে জনপ্ৰিয় হৈ পৰে তেওঁ। সৌজন্যঃ এটা ভাইৰেল ভিডিও। তাৰ জোৰতেই গুমটি দোকান ‘বাবা কা ধাবা’ৰ মালিক কান্তা প্ৰসাদে এইবাৰ দিল্লীৰ মালবীয় নগৰৰ এখন জাকজমকীয়া ৰেষ্টুৰেণ্টৰ মালিক হ’ল। ৮০ বছৰীয়া কান্তাই এতিয়া সকলোকে অনুৰোধ কৰিছে যে তেওঁৰ নতুন ৰেষ্টুৰেণ্টত আহি ইণ্ডিয়ান তথা চাইনীজ ফুজ খাব পাৰে।
যোৱা অক্টোবৰ মাহত দীঘলীয়া লকডাউনৰ কাৰণে দুবেলা দুসাজ খাব পৰা নাছিল কান্তা তথা স্ত্ৰী বাদামী দেৱীয়ে। ‘বাবা কা ধাবা’ নামৰ এখন সৰু গুমটি দোকান আছিল তেওঁৰ। মটৰ পনীৰ, দাইল বিক্ৰী কৰিছিল তেওঁ। কিন্তু প্ৰতিদিনে সেই খাদ্য নষ্ট হয়। এজনো ক্ৰেতা নাছিল তেওঁৰ দোকানত। সকলো পূঁজি শেষ হৈ গৈছিল। দৈনিক চকুৰ পানী মচি থাকিবলগীয়া হৈছিল কান্তা আৰু বাদামী।
Delhi: Kanta Prasad, the 80-year-old owner of 'Baba Ka Dhaba', starts a new restaurant in Malviya Nagar.
"We're very happy, god has blessed us. I want to thank people for their help, I appeal to them to visit my restaurant. We will serve Indian & Chinese cuisine here," he says. pic.twitter.com/Rg8YAaJ1zk