• Home
  • »
  • News
  • »
  • nation
  • »
  • ঘৰৰ মালিকৰ মৃত্যু সহ্য কৰিব নোৱাৰিলে পোহনীয়া কুকুৰটোৱে, ঘৰৰ চতুৰ্থ মহলাৰ পৰা জপিয়াই সাৱটি লয় মৃত্যু

ঘৰৰ মালিকৰ মৃত্যু সহ্য কৰিব নোৱাৰিলে পোহনীয়া কুকুৰটোৱে, ঘৰৰ চতুৰ্থ মহলাৰ পৰা জপিয়াই সাৱটি লয় মৃত্যু

ডা০ ৰাজকুমাৰে কয় যে, ‘তেওঁৰ পত্নী অনীতাই ১৩ বছৰৰ পূৰ্বে ৰাস্তাৰ পৰা উঠাই আনিছিলৰ জয়াক। আৰু তেতিয়াৰ পৰা আজি পৰ্যন্ত ঘৰৰ এজন সদস্যৰ দৰে আছিল জয়া।

  • Share this:
আটাইতকৈ বিশ্বাসী জন্তুৰ ভিতৰত অন্যতম বুলি জনা যায় কুকুৰক। এটা পোহনীয়া কুকুৰৰ বাবে ঘৰৰ মালিক কিমান আপোন হ’ব পাৰে সেই কথা হয়টো বহুতে জানে! কানপুৰত সংঘটিত হৈছে এক আচৰিত ঘটনা। ঘৰৰ মালিকৰ মৃত্যু সহ্য কৰিব নোৱাৰি ঘৰৰ চতুৰ্থ মহলাৰ পৰা জাপ দিলে ‘জয়া’ নামৰ পোহনীয়া কুকুৰটোৱে। কুকুৰটোৰ মৃত্যুৰ খবৰ এতিয়া অঞ্চলটোৰ বাবেই এক চৰ্চাৰ বিষয় হৈ পৰিছে। কানপুৰৰ এটা চিকিত্‍সক দম্পতিৰ ঘৰত সংঘটিত হৈছে এই ঘটনা।

দৰাচলতে, হামিৰপুৰৰ মুখ্য চিকিত্‍সা বিষয়া ডা০ ৰাজকুমাৰৰ পত্নী  ডা০ অনিতা ৰাজৰ দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল। স্বাস্থ্যৰ হঠাত্‍ অৱনতি ঘটাত কিছুদিন পূৰ্বে চিকিত্‍সালয়ত ভৰ্তি কৰা হৈছিল ডা০ অনিতা ৰাজক। কিন্তু বুধবাৰে মৃত্যু হয় ডা০ অনিতাৰ। যেতিয়া অনিতাৰ মৃতদেহ ঘৰলৈ লৈ অনা হয়, তেতিয়া কান্দোনত ভাঙি পৰে ঘৰৰ পোহনীয়া কুকুৰ জয়া। পিছত জোৰ জোৰ কৈ ভুকিবলৈ লয়। আৰু এটা সময়ত উশাহ ঘূৰাব নোৱাৰি কুকুৰটো পৰি যায়। তেতিয়া ডা০ ৰাজকুমাৰৰ পুত্ৰ তেজশে কুকুৰটোক মৃতদেহটোৰ ওপৰৰ পৰা আঁতৰাই ষ্টোৰ ৰুমত বন্ধ কৰি থয়।

কিন্তু ঘৰৰ মানুহে মৃতদেহ সত্‍কাৰলৈ নিয়াৰ সময়তে জয়াই চতুৰ্থ মহলাৰ পৰা জপিয়াই মৃত্যুক সাৱটি লয়। ঘটনাটো এতিয়া সমগ্ৰ অঞ্চলতে চৰ্চাৰ বিশষয় হয় পৰিছে।
First published: